আই পি এলত প্ৰতিখন মেচৰ পিছত পইণ্ট তালিকা সলনি হৈ আছে। কেৱল ৰাজস্থান ৰয়েলছে শীৰ্ষত নিজৰ স্থান অক্ষুণ্ণ ৰাখিছে। বাকী আটাইকেইটা দলে তিনিওটা স্থানৰ বাবে যুঁজ দিছে। আই পি এলৰ পইণ্ট তালিকাৰ শীৰ্ষত ৰাজস্থান ৰয়েলছ। ৯খন মেচত ১৬ পইণ্ট লাভ কৰিছে। ৰাজস্থানৰ নেট ৰান ৰেট হৈছে ০.৬৯৪। পূৰ্বৰ খেলখনত ঘৰুৱা ক্ষেত্ৰত পৰাস্ত হোৱাৰ পিছতো কেকেআৰে দ্বিতীয় স্থান অক্ষুণ্ণ ৰাখিছে। ৮খন মেচত তেওঁলোকৰ পইণ্ট ১০। এতিয়াও কেকেআৰৰ নেট ৰান ৰেট (০.৯৭২) সৰ্বাধিক। চেন্নাই ছুপাৰ কিংছ তিনি নম্বৰত স্থান লাভ কৰিছে। লগতে তেওঁলোকৰ পইন্ট হৈছে ১০ । অৱশ্যে কেকেআৰতকৈ এখন মেচ বেছিকৈ খেলিছে মহেন্দ্ৰ সিং ধোনীৰ দলে । তেওঁলোকৰ নেট ৰান ৰেট ০.৮১০।
পইণ্ট তালিকাৰ চাৰি, পাঁচ আৰু ছয় নম্বৰৰ দলসমূহেও ১০ পইণ্ট লাভ কৰিছে। অৰ্থাৎ ১০ পইণ্টত পাঁচটা দল আছে। কেৱল নেট ৰান ৰেটেহে তেওঁলোকক পৃথক কৰে। চাৰি নম্বৰত ছানৰাইজাৰ্ছ হায়দৰাবাদ। তেওঁলোকৰ নেট ৰান ৰেট ০.০৭৫। পাঁচ নম্বৰত আছে লক্ষ্ণৌ ছুপাৰ জায়েন্টছ। ষষ্ঠ স্থানত দিল্লী কেপিটেলছ। লক্ষ্ণৌৰ (০.০৫৯) নেট ৰান ৰেট দিল্লীৰ (-০.২৭৬)তকৈ বেছি।
সাত নম্বৰত আছে গুজৰাট টাইটানছ। ১০খন মেচত তেওঁলোকৰ পইণ্ট ৮। নেট ৰান ৰেট -১.১১৩। পৰৱৰ্তী তিনিটা দলৰ বাবে ৬ পইণ্ট। আঠ নম্বৰত আছে পাঞ্জাব কিংছ। নৱম স্থানত আছে মুম্বাই ইণ্ডিয়ানছ। পইণ্ট তালিকাৰ তলত আছে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু। পইণ্ট সমান হ’লেও ৰান ৰেটত পঞ্জাব (-০.১৮৭) মুম্বাই (-০.২৬১) আৰু বাংগালুৰু (-০.৪১৫)তকৈ আগবাঢ়ি আছে।