আগন্তুক আই চি চিৰ টি ২০ বিশ্বকাপৰ সময়সুচী প্ৰকাশ কৰা হৈছে ৷ এইবাৰ আই চি চি টি ২০ বিশ্বকাপ অহা ১৬ অক্টোবৰৰ পৰা ১৩ নবেম্বৰলৈ অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’ব ৷ ঘৰুৱা দল অষ্ট্ৰেলিয়াই ২২ অক্টোবৰত চিডনীত নিউজিলেণ্ডৰ বিৰুদ্ধে টি টুৱেণ্টি-২০ বিশ্বকাপৰ প্ৰথমখন খেলত অৱতীর্ন হ’ব ৷ আনহাতে ২৩ অক্টোবত আইকনিক মেলবৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডত মুখামুখি হ’ব ভাৰত আৰু পাকিস্তানে । প্ৰতিযোগিতাখনৰ চুপাৰ ১২ পৰ্যায়ৰ গ্ৰুপ- ১ত আয়োজক দলটো নিউজিলেণ্ডৰ সৈতে ইংলেণ্ড, আফগানিস্তানৰ সৈতে সন্নিবিষ্ট হৈছে ৷ গ্ৰুপ ২-ত ভাৰত, পাকিস্তান, দক্ষিণ আফ্ৰিকা, বাংলাদেশ থাকিব ৷ এডিলেড, ব্ৰিছবেন, জিলং, হোবাৰ্ট, মেলবৰ্ণ, পাৰ্থ আৰু চিডনীত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনত ষোল্লখন ৰাষ্ট্ৰই অংশগ্ৰহন কৰিব। ফাইনেল মেচখন ১৩ নৱেম্বৰত মেলবৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডত খেলা হ’ব।প্ৰতিটো গোটৰ শীৰ্ষ দুটা দলে চুপাৰ ১২ পৰ্যায়ৰ বাবে যোগ্যতা অৰ্জন কৰিব।চিডনী ক্ৰিকেট গ্ৰাউণ্ডত ৯ নৱেম্বৰত প্ৰথমখন ছেমি ফাইনেল অনুষ্ঠিত হ’ব ৷ পিছদিনাই এডিলেডত অনুষ্ঠিত হ’ব দ্বিতীয়খন ছেমি ফাইনেল।
The fixtures for the ICC Men’s #T20WorldCup 2022 are here!
All the big time match-ups and how to register for tickets 👇
— ICC (@ICC) January 20, 2022
টুৰ্ণামেণ্টৰ স্থানসমূহঃ
প্ৰতিযোগিতাখনৰ মেচসমুহ মুঠ সাতটা স্থানত অনুষ্ঠিত হ’ব । জিলঙৰ কাৰ্ডিনিয়া পাৰ্কত ছয়খন মেচ ,হোবাৰ্টৰ বেলেৰিভ অভেলত চুপাৰ১২ পৰ্যায়ৰ আৰম্ভণিৰ তিনিদিনত মুঠ নখন মেচ অনুষ্ঠিত হ’ব ৷ চুপাৰ ১২ৰ মেচসমুহ অনুষ্ঠিত হ’ব ক্ৰমে দ্য গাব্বা,পাৰ্থ ষ্টেডিয়াম,এডিলেড অভেল,চিডনী ক্ৰিকেট গ্ৰাউণ্ড আৰু মেলবৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডত