বিশ্বৰ কোটি কোটি ফুটবল অনুৰাগীৰ বাবে এই মূহূৰ্তত এটা অতি আনন্দৰ খবৰ যে বিশ্ব ফুটবলৰ সৰ্বোচ্চ সংস্থা ফিফাই ২০২৮ চনৰ পৰা দুবছৰৰ মূৰে মূৰে বিশ্বকাপ আয়োজনৰ পৰিকল্পনা যুগুত কৰিছে৷
অৱশ্যে ফুটবল অনুৰাগীসকলৰ বাবে আনন্দৰ এই খবৰত কিছু পৰিমাণে দুশ্চিন্তাও সোমাই আছে। চলিত বছৰৰ মে’ মাহতে ফিফাই ইউৰোপীয় ফুটবল সংস্থাক দুবছৰৰ মূৰে মূৰে বিশ্বকাপ আয়োজনৰ পৰিকল্পনাৰ কথা জানিবলৈ দিছিল।
বাতৰি অনুসৰি শেহতীয়াকৈ উৱেফাৰ এখন গুৰুত্বপূর্ণ বৈঠকত ফিফাৰ এই পৰিকল্পনাক লৈ বিস্তৃতভাৱে আলোচনা হৈছে৷ এই আলোচনাত ইউৰোপীয় ফুটবলৰ সর্বোচ্চ সংস্থাটোৱে ফিফাৰ নতুন পৰিকল্পনাক লৈ অসন্তুষ্টি প্রকাশ কৰিছে বুলি জানিব পৰা গৈছে৷ প্রতি দুবছৰৰ মূৰে মূৰে ফুটবল বিশ্বকাপ অনুষ্ঠিত হ’লে ইউৰোপৰ ক্লাবসমূহ আর্থিকভাৱে ক্ষতিগ্রস্ত হ’ব বুলি শংকিত হৈছে উৱেফা৷
ফিফাৰ এই নতুন পৰিকল্পনা যদিহে বাস্তৱত পৰিণত হয় তেতিয়া আন্তঃৰাষ্ট্রীয় ফুটবলৰ কেলেণ্ডাৰ সলনি কৰিব লাগিব৷ একেদৰে অন্যান্য প্রতিযোগিতা আয়োজনৰ ক্ষেত্রতো অসুবিধাৰ সৃষ্টি হ’ব৷ দুবছৰৰ মূৰে মূৰে অনুষ্ঠিত হ’লে বিশ্বকাপৰ কোৱালিফায়িং ৰাউণ্ডৰ প্রতিযোগিতাসমূহ আয়োজনৰ বাবেও হাতত অধিক সময় নাথাকিব বুলি উৱেফাই ফিফাক জানিবলৈ দিয়ে।
ইয়াৰ উপৰিও তেওঁলোকৰ মত অনুসৰি চাৰি বছৰৰ মূৰে মূৰে অনুষ্ঠিত হোৱা বিশ্বকাপলৈ অনুৰাগীৰ যি উৎকণ্ঠা আৰু আগ্ৰহ সেয়া দুবছৰৰ মূৰত অনুষ্ঠিত হ’লে বহু পৰিমাণে হ্ৰাস পাব। ফিফাৰ মুৰব্বী জিয়ানী ইনফাণ্টিনোই দুবছৰৰ মূৰে মূৰে পুৰুষ আৰু মহিলাৰ ফুটবল বিশ্বকাপ আয়োজনৰ চিন্তা–চর্চা আৰম্ভ কৰিছিল৷ অৱশ্যে উৱেফাই ফিফাৰ এই পৰিকল্পনাৰ প্রতি সন্মতি প্রকাশ নকৰাত ইনফাণ্টিনোৰ চিন্তা–চর্চা বাস্তৱ হোৱাৰ সম্ভাৱনা হ্ৰাস পাইছে।