বিচিচিআইৰ প্ৰাক্তন সম্পাদক তথা ঝাৰখণ্ড ৰাজ্যিক ক্ৰিকেট সংস্থাৰ (জেএছচিএ) সভাপতি অমিতাভ চৌধুৰীৰ মঙলবাৰে পুৱা হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬২ বছৰ।এজন অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ আইপিএছ বিষয়া, যি ঝাৰখণ্ড আৰক্ষীৰ আইজিপি পদলৈ উন্নীত হৈছিল ৷ প্ৰাক্তন শীৰ্ষ আৰক্ষী বিষয়াজন ঝাৰখণ্ড লোক সেৱা আয়োগৰ (জেপিএছচি) অধ্যক্ষ আছিল।
জগমোহন ডালমিয়াৰ কাৰ্যকালত বিচিচিআয়ে বিহাৰ ক্ৰিকেট এছ’চিয়েচন ভাঙি দিয়াৰ পিছত আইআইটি খড়গপুৰৰ প্ৰাক্তন ছাত্ৰ চৌধুৰীয়ে ঝাৰখণ্ডৰ বাবে প্ৰথম শ্ৰেণীৰ মৰ্যাদা লাভ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
চৌধুৰীয়ে ৰাঁচীৰ অন্যতম শ্ৰেষ্ঠ ক্ৰিকেট ষ্টেডিয়াম নিৰ্মাণত আৰু ঔদ্যোগিক চহৰখনত আন্তৰ্জাতিক ক্ৰিকেট আৰু আই পি এল অনু্ষ্ঠিত কৰাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ৷ তেওঁ বিচিচিআইৰ যুটীয়া সম্পাদক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল আৰু কেইবাবাৰো ভাৰতীয় দলৰ প্ৰশাসনিক মেনেজাৰ আছিল তেওঁ।
চৌধুৰীৰ কাৰ্যকৰী সচিবপদৰ কাৰ্যকাল ভাৰতীয় ক্ৰিকেটৰ আটাইতকৈ অন্ধকাৰ প্ৰশাসনিক সময় আছিল যেতিয়া প্ৰশাসক সমিতি (চিঅ’এ) দায়িত্বত আছিল। সেইসময়ত চৌধুৰীক চি.অ’.এ.-ৰ দ্বাৰা কাম কৰিবলৈ অনুমতি দিয়া হোৱা নাছিল আৰু ইয়াৰ ফলত যথেষ্ট সমস্যাই দেখা দিছিল।
ভাৰতীয় ক্ৰিকেটৰ জগতখনলৈ অৱদান আগবঢ়োৱা এই জন মহান ব্যক্তিৰ মৃত্যুত সমগ্ৰ ক্ৰীড়া জগতত পৰিছে গভীৰ শোকৰ ছাঁ ৷