২০০৬ চনৰ পৰা ২০১৩ চনলৈ আই চি চি এলিট পেনেলৰ অংশ হৈ থকা পাকিস্তানৰ প্ৰাক্তন আম্পায়াৰ আছাদ ৰৌফৰ আজি দেহাৱসান ঘটে ৷ লাহোৰত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ তেওঁৰ মৃত্যু হয়।মৃত্যৰ সময়ত তেওঁৰ বয়স আছিল ৬৬ বছৰ।
২০০০ চনত প্ৰথমখন এদিনীয়া আৰু ২০০৫ চনত প্ৰথমখন টেষ্ট আম্পায়াৰ হিচাপে তেওঁ অত্মপ্ৰকাশ কৰিছিল ।২০০৬ চনত আইচিচিৰ এলিট পেনেলত তেওঁৰ নাম অন্তভুর্ক্ত কৰা হৈছিল ৷ ২০১৩ চনলৈকে ৰৌফ এই পেনেলত অন্তভুর্ক্ত আছিল ।
তেওঁ ৬৪ খন টেষ্ট, ১৩৯ খন এদিনীয়া, ২৮ খন টি-২০ আৰু ১১ খন মহিলাৰ টি-২০ খেলত আম্পায়াৰ হিচাপে পৰিচালনা কৰিছিল। ইয়াৰ উপৰিও তেওঁ আই পি এলৰ মেচকে ধৰি ৪০ খন প্ৰথম শ্ৰেণীৰ মেচ, ২৬ খন লিষ্ট এ খেল আৰু সামগ্ৰিকভাৱে ৮৯ খন টি-২০ত আম্পায়াৰিং কৰিছিল। মিডল অৰ্ডাৰৰ বেটছমেন হিচাপেও তেওঁ সফল ক্ৰিকেটাৰ ৷
ৰৌফে প্ৰথম শ্ৰেণীৰ ৭১ খন খেল খেলি ৩৪২৩ ৰান সংগ্ৰহ কৰে। তেওঁ ৪০ খন লিষ্ট এ মেচ খেলি ৬১১ ৰান সংগ্ৰহ কৰে।এই গৰাকী বিশিষ্ট আম্পায়াৰৰ মৃত্যুত ক্ৰিকেট জগতত শোকৰ ছাঁ পৰিছে ৷