বৃহস্পতিবাৰে ঘোষণা কৰা হয় আই পি এলৰ সূচী। প্ৰথম ১৭ দিনৰ সময়সূচী ঘোষণা কৰা হৈছে। অহা ২২ মাৰ্চৰ পৰা ৭ এপ্ৰিললৈ খেলসমূহ অনুষ্ঠিত হ’ব । প্ৰথমখন খেল নিশা ৮ বজাৰ পৰা আৰম্ভ হ’ব । বাকী মেচসমূহৰ আৰম্ভণিৰ সময়ো অৱগত কৰা হৈছে। এইবাৰ কেতিয়াৰ পৰা আৰম্ভ হ’ব আই পি এলৰ মেচ?
আই পি এলৰ তথ্য অনুসৰি ৩.৩০ বজাৰ পৰা আৰম্ভ হ’ব বিয়লিৰ খেল। পৰৱৰ্তী খেলসমূহ সন্ধিয়া ৭.৩০ বজাৰ পৰা আৰম্ভ হ’ব। অৰ্থাৎ মেচৰ সময় যোৱাবাৰৰ দৰেই একেই থাকিব । আগতে নিশা ৮ বজাৰ পৰা আৰম্ভ হৈছিল আই পি এলৰ মেচ।
আই পি এলত ১৭ দিনৰ ভিতৰত চাৰিদিনত দুখনকৈ মেচ অনুষ্ঠিত হ’ব । বন্ধৰ দিনসমূহত এই মেচ অনুষ্ঠিত হ’ব ৷ নিৰ্বাচনৰ দিন ঠিক হ’লেই বাকী সময়সূচী ঘোষণা কৰা হ’ব বুলিও ব’ৰ্ডে জানিবলৈ দিয়ে। প্ৰথমখন খেলত চেন্নাই ছুপাৰ কিংছ (চি এছ কে) আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি) খেলিব। অৰ্থাৎ মহেন্দ্ৰ সিং ধোনী আৰু বিৰাট কোহলীৰ যুঁজখন প্ৰথমখন মেচতে দেখা যাব।