বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনাৰ হাতত পৰাস্ত হোৱাৰ পিছত ফ্ৰান্সৰ ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ অনুৰাগী। ফ্ৰান্সৰ পৰাজয়ৰ পাছত আশাভংগ হোৱাৰ পাছত ক্ষোভত ভাগি পৰা অনুৰাগীসকলক আৰক্ষীয়ে লাঠিচালনা কৰে ৷ আনিকি নিক্ষেপ কৰিবলগীয়া হয় কন্দুৱা গেছ ৷ বিশ্বকাপত পৰাজয় মানি ল’ব নোৱাৰি সমগ্ৰ দেশ এক নিশাতে উত্তেজিত হৈ পৰে ৷
আৰ্জেণ্টিনাৰ সৈতে হোৱা কঠিন যুঁজত ফ্ৰান্সৰ পৰাজয় হয়। মেচখন টাইব্ৰেকাৰলৈ লৈ যোৱাৰ পিছতো তেওঁলোকে পৰাজয়বৰণ কৰে ৷ সমৰ্থকসকলে এই পৰাজয় মানি ল’ব পৰা নাই ৷ দেওবাৰে নিশা পেৰিছকে ধৰি ফ্ৰান্সৰ অন্যান্য চহৰতো বিক্ষোভ প্ৰদৰ্শন কৰা হয়। ছ’চিয়েল মিডিয়াতো বিয়পি পৰিছে ফ্ৰান্সৰ ৰাজপথত সমর্থকসকলে চলোৱা তাণ্ডৱৰ ফটো ৷
ফ্ৰান্স চৰকাৰে ফাইনেল মেচ চাবলৈ পেৰিছ বা আন কোনো চহৰত ডাঙৰ স্ক্ৰীণ স্থাপন কৰিবলৈ অনুমতি দিয়া নাছিল। ফলত সকলোৱে একে ঠাইতে গোট খাই ডাঙৰ পৰ্দাত খেলখন উপভোগ কৰিব পৰা নাছিল ৷ দেওবাৰে অনুষ্ঠিত হ’বলগীয়া চূড়ান্ত খেলখন চাবলৈ মহানগৰীসমূহৰ বিভিন্ন প্ৰান্তৰ বাৰ আৰু ৰেষ্টুৰেণ্টত সমবেত হয় অনুৰাগী ।
দেওবাৰে ফ্ৰান্সৰ ৰাজপথত প্ৰতিবাদ ৰোধ কৰাৰ বাবেও আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰে। কেইবাজনো প্ৰতিবাদকাৰী ফুটবল অনুৰাগীক গ্ৰেপ্তাৰ কৰা হয়। কিন্তু ফাইনেল মেচৰ পিছত পেৰিছত থকা আৰ্জেণ্টিনাৰ দূতাবাসৰ ছবি আচিল সম্পূর্ণ সুকীয়া । বহু আৰ্জেণ্টিনাৰ অনুৰাগীয়ে তাত সমবেত হৈ এই ৰোমাঞ্চকৰ জয় উদযাপন কৰে।