সোমবাৰে নিশা অষ্ট্ৰিয়াৰ বিৰুদ্ধে খেলি থকাৰ সময়তে কাইলিয়ান এমবাপে নাকত গুৰুতৰ আঘাত পায় ৷ তেওঁৰ আঘাত ইমানেই গুৰুতৰ যে এইবাৰ তেওঁ ইউৰোত আৰু কোনো মেচ খেলিব পাৰিবনে নাই তাক লৈ সন্দেহৰ সৃষ্টি হৈছে ৷
৮৫ মিনিটত অষ্ট্ৰিয়াৰ ডিফেণ্ডাৰ ডান্সোৰ সংঘৰ্ষত এমবাপেৰ নাক ভাঙি যায়। নাকৰ পৰা বৈ আহে তেজ ৷ খেলখন কিছু সময়ৰ বাবে বন্ধ হৈ পৰে। প্ৰশিক্ষক ডিডিয়েৰ ডেছনে এমবাপেক আঁতৰাব বিচাৰিছিল। কিন্তু ৰক্তক্ষৰণ সম্পূৰ্ণ বন্ধ হোৱাৰ আগতেই এমবাপে খেলপথাৰলৈ উভতি আহি নাকত ধৰি পৰে ৷ ৰেফাৰীয়ে তেওঁক হালধীয়া কাৰ্ড দেখুৱাই।
শেষত এমবাপেক এম্বুলেন্সেৰে ষ্টেডিয়ামৰ পৰা বাহিৰলৈ লৈ যায়। জানিব পৰা মতে তেওঁৰ নাকৰ অস্ত্ৰোপচাৰ কৰা হৈছে। ফ্ৰান্সৰ প্ৰশিক্ষক ডেশ্বাম্পছে কয় -মই এতিয়াও এমবাপেৰ শাৰীৰিক অৱস্থাৰ বিষয়ে নাজানো। কিন্তু আঘাত বৰ সৰু নহয়। এমবাপেৰ অৱস্থা কেনেকুৱা এতিয়া কোৱাটো মোৰ বাবে সম্ভৱ নহয়। চিকিৎসকে চকু ৰাখিছে। কিন্তু বৰ ভাল অৱস্থাত নাই । এয়া আমাৰ বাবে ভাল খবৰ নহয়। পৰিস্থিতি সংকটজনক। অৱশ্যে ফ্ৰান্সৰ প্ৰশিক্ষকগৰাকীয়ে এমবাপে পুনৰ খেলিব পাৰিব নে নাই সেয়া নিশ্চিতভাৱে ক’ব পৰা নাছিল।
চলিত মাহৰ আৰম্ভণিতে ৰিয়েল মাদ্রিদৰ হৈ চুক্তিবদ্ধ হৈছিল এমবাপে ৷ সোমবাৰৰ খেলখনত তেওঁ গ’ল দিব পৰা নাছিল। যদিও তেওঁৰ দলটোৱে ১-০ গ’লত জয়লাভ কৰে। ফ্ৰান্সৰ পৰৱৰ্তী মেচ হ’ব নেদাৰলেণ্ডৰ বিৰুদ্ধে। সেই মেচখন শুকুৰবাৰে অনুষ্ঠিত হ’ব। ইয়াৰ পূৰ্বে এমবাপে সুস্থ হৈ উঠিব নে নাই সেয়া জানিব পৰা হোৱা নাই।