ভাৰতীয় দলৰ প্ৰশিক্ষক হ’ব বিচাৰিছে নৰেন্দ্ৰ মোদী! শচীন তেণ্ডুলকাৰ, মহেন্দ্ৰ সিং ধোনীয়েও আবেদন কৰিছে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক ! শুনিবলৈ আচৰিত যেন লাগিলেও এয়া প্ৰকৃততে একাংশ ভূৱা আৱেদনকাৰীহে ৷ভাৰতীয় ক্ৰিকেট ব’ৰ্ডত ৩ হাজাৰৰো অধিক আৱেদন দাখিল কৰা হৈছে। সকলোৱে ৰোহিত শৰ্মা, বিৰাট কোহলীক প্ৰশিক্ষক কৰিব বিচাৰে।
ভাৰতীয় দলৰ প্ৰশিক্ষকৰ বাবে এখনৰ পাছত আন এখন ভুৱা আৱেদন দাখিল কৰা হৈছে। তাত মোদী, শচীন, ধোনীৰ নামত ভুৱা আৱেদন দাখিল কৰা হৈছে। সেই ভুৱা আৱেদন প্ৰ-পত্ৰৰ ভিতৰত প্ৰকৃত আৱেদন বিচাৰি উলিওৱাটো কঠিন। ব’র্ডৰ এজন বিষয়াই কয়, “যোৱা বছৰো এনেকুৱা হৈছিল। বহু লোকে ভুৱা আবেদন ব’ৰ্ডত দাখিল কৰিছিল ৷ এইবাৰো একেই ঘটনা ঘটিছে। কাৰণ ব’ৰ্ডে গুগল ফর্মত আবেদন লয়, সাধাৰণ মানুহে অতি সহজে আৱেদন দিব পাৰে।”
আবেদন দাখিলৰ শেষ তাৰিখ আছিল ২৭ মে’। বিপুল সংখ্যক আৱেদন লাভ কৰাৰ পাছতো ভাৰতৰ প্ৰশিক্ষক হিচাপে এতিয়াও কোনো বিচাৰি পোৱা নাই ব’র্ডে ৷
টি-২০ বিশ্বকাপলৈ প্ৰশিক্ষক হিচাপে থাকিব ৰাহুল দ্ৰাবিড়। ইয়াৰ পিছত ছিনিয়ৰসকলক শ্ৰীলংকা আৰু জিম্বাবুৱেৰ শৃংখলাৰ বাবে জিৰণি দিয়া হ’ব। নেশ্যনেল ক্ৰিকেট একাডেমীৰ প্ৰশিক্ষক দলটোৱে এই শৃংখলাত অংশগ্ৰহণ কৰিব
প্ৰশিক্ষক হ’বলৈ কোনে আবেদন কৰিছে সেই কথা এতিয়াও ঘোষণা কৰা নাই ব’ৰ্ডে। কিন্তু শুনা যায় যে গৌতম গম্ভীৰ দলটোৰ প্ৰশিক্ষক হ’ব পাৰে। ভিভিএছ লক্ষ্মণক প্ৰশিক্ষক কৰাৰ চেষ্টা চলাইছিল ব’ৰ্ডে। কিন্তু তেওঁ সেই দায়িত্ব ল’ব বিচৰা নাছিল বুলিও শুনা যায়। অৱশ্যে ব’ৰ্ডৰ সম্পাদক জয় শ্বাহে কয় যে কোনো প্ৰাক্তন অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰক প্ৰশিক্ষক হ’বলৈ অনুৰোধ কৰা হোৱা নাই।