এইবাৰৰ টি-২০ বিশ্বকাপৰ ছুপাৰ ৮ত স্থান লাভ কৰিছে আমেৰিকাই। শুকুৰবাৰে নিশা আমেৰিকা বনাম আয়াৰলেণ্ডৰ খেলখন অনুষ্ঠিত নোহোৱাৰ বাবে আয়োজক দেশখনে পইণ্ট লাভ কৰে। সেইবাবেই আমেৰিকাই পাকিস্তানক নক আউট কৰি ছুপাৰ ৮ত স্থান লাভ কৰে। তাৰ লগতে তেওঁলোকে পৰৱৰ্তী টি-২০ বিশ্বকাপৰ বাবেও স্থান লাভ কৰে। আমেৰিকাৰ বাহিৰে ছুপাৰ ৮ত স্থান লাভ কৰা প্ৰতিখন দেশেও পৰৱৰ্তী বিশ্বকাপৰ টিকট লাভ কৰিলে।
পৰৱৰ্তী টি-২০ বিশ্বকাপ ২০২৬ চনত অনুষ্ঠিত হ’ব। শ্ৰীলংকা আৰু ভাৰতে যুটীয়াভাৱে আয়োজন কৰিব এই প্ৰতিযোগিতা । এইবাৰৰ টি-২০ বিশ্বকাপত ছুপাৰ ৮ত স্থান লাভ কৰা দলসমূহে পৰৱৰ্তী টি-২০ বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰিব। পৰৱৰ্তী বিশ্বকাপতো ২০টা দলে ভাগ ল’ব ৷ তাত থকা আঠটা দল এইবাৰ ছুপাৰ ৮ৰ পৰা নিশ্চিত হ’ব। আয়োজনকাৰী দেশ ভাৰত আৰু শ্ৰীলংকাও ইয়াৰ ভিতৰত আছে। ৰেংকিঙৰ শীৰ্ষ আঠটা দলেও পৰৱৰ্তী বিশ্বকাপত খেলাৰ সুযোগ পাব। মুঠ ১২টা দলে যোগ্যতা অৰ্জন কৰিব। বাকী আঠটা দলে কোৱালিফাইং ৰাউণ্ড খেলিব লাগিব।
এইবাৰ বিশ্বকাপৰ আয়োজক আমেৰিকা। বহুতে ভবা নাছিল যে দেশখনে ছুপাৰ ৮ত উপনীত হ’ব পাৰিব। কিন্তু চুপাৰ অভাৰত পাকিস্তানৰ দৰে দেশক পৰাস্ত কৰি সকলোকে আচৰিত কৰি তুলিছে আমেৰিকাই। চাৰিখন মেচত ৫ পইণ্ট লাভ কৰি ছুপাৰ ৮ত প্ৰৱেশ কৰে আমেৰিকা ।