অহা ১২ আৰু ১৩ ফেব্ৰুৱাৰীত বেংগালুৰুত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ (আই পি এল)ৰ খেলুৱৈৰ নিলাম অনুষ্ঠিত হ’ব ৷ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (বিচিচিআই)-এ নিলামত ভাগ ল’বলগীয়া ৫৯০ জন ক্ৰিকেটাৰৰ তালিকা প্ৰকাশ কৰিছে।৫৯০ জন খেলুৱৈৰ ভিতৰত ৩৭০ জন ভাৰতীয় আৰু আন ২২০ জন বিদেশী ক্ৰিকেটাৰ ৷ ইতিমধ্যে কেইবাজনো ক্ৰিকেটাৰৰ মুল্য এইবাৰ বৃদ্ধি পাব বুলি আশংকা কৰা হৈছে ৷ কেইবাজনো ক্ৰিকেটাৰৰ প্ৰথমিক মূল্য ২ কোটি টকা ধার্য কৰা হৈছে ৷ ২ কোটি টকা টকা প্ৰাথমিক মূল্য নির্ধাৰণ কৰা ক্ৰিকেটাৰ সকলৰ অন্যতম হৈছে শিখৰ ধাৱান, ৰবিচন্দ্ৰন অশ্বিন আৰু ছাৰ্দুল ঠাকুৰ। এই ১৭ জন ভাৰতীয় খেলুৱৈৰ উপৰিও ৩১ জন বিদেশী ক্ৰিকেটাৰৰ প্ৰাথমিক মূল্য ২ কোটি টকা নির্ধাৰণ কৰা হৈছে ৷ ২০ জন খেলুৱৈয়ে প্ৰাথমিক মূল্য ১.৫ কোটি টকাৰ নির্ধাৰন কৰাৰ বিপৰীতে প্ৰায় ৩৪ জন ক্ৰিকেটাৰ এক কোটি টকা নির্ধাৰণ কৰিছে ৷ শ্ৰেয়াছ আয়াৰ, শিখৰ ধাৱান, আৰ অশ্বিন, মহম্মদ ছামী, ঈশান কিষাণ, আজিংক্য ৰাহানে, সুৰেশ ৰাইনা, যুজবেন্দ্ৰ চাহাল, ৱাশ্বিংটন সুন্দৰ, ছাৰ্দুল ঠাকুৰ, দীপক চাহাৰ, ইশান্ত শৰ্মা, উমেশ যাদৱ আদিৰ দৰে খেলুৱৈসকলৰ দাম নিলামত অত্যাধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ৷ আই পি এল ২০২২-ত দুটা নতুন ফ্ৰেঞ্চাইজি লক্ষ্ণৌ চুপাৰ জায়েন্টছ আৰু আহমেদাবাদেও এইবাৰ নিলামত ভাগ ল’ব ৷
ভাৰতীয় খেলুৱৈসকলৰ প্ৰাথমিক মূল্য 2 কোটি টকা নির্ধাৰণ কৰা ক্ৰিকেটাৰ সকল হৈছেঃ
১)ৰবিচন্দ্ৰন অশ্বিন
২) শিখৰ ধাৱান
৩) শ্ৰেয়াছ আয়াৰ
৪) মহম্মদ ছামী
৫) দেৱদত্ত পড়িক্কাল
৬ )সুৰেশ ৰাইনা
৭ )ৰবিন উথাপ্পা
৮) কুর্ণাল পাণ্ডিয়া
৯ )হৰ্ষল পেটেল
১০) দিনেশ কাৰ্তিক
১১) ঈশান কিষাণ
১২) অম্বাতি ৰাইডু
১৩) দীপক চাহাৰ
১৪) ভুৱনেশ্বৰ কুমাৰ
১৫) ছাৰ্দুল ঠাকুৰ
১৬) উমেশ যাদৱ
১৭) যুজবেন্দ্ৰ চাহাল