দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিবলগীয়া পৰৱৰ্তী টেষ্টত হনুমা বিহাৰীক দলত স্থান প্ৰদান নকৰিলে তেওঁৰ প্ৰতি অন্যায় কৰা হ’ব ৷ এই মন্তব্য প্ৰদান কৰিছে প্ৰাক্তন ক্ৰিকেটাৰ গৌতম গম্ভীৰে ৷ উল্লেখ্য যে বিৰাট কোহলী আঘাটপ্ৰাপ্ত হোৱাৰ বাবে বিহাৰীক শেহতীয়া টেষ্টত অন্তর্ভুক্ত কৰা হৈছিল ৷ পঞ্চম স্থানত বেটিং কৰি বিহাৰীয়ে উল্লেখনীয় প্ৰদর্শন কৰিবলৈ সক্ষম হৈছিল ৷ ৪০ ৰাণত অপৰাজিত হৈ থাকি তেওঁ দলৰ জয়ত অৰিহণা যোগাইছিল ৷ পৰৱর্তী মেচত খেলিবলৈ ইতিমধ্যে সুস্থ হৈ উঠিছে কোহলী ৷ যাৰ বাবে বিহাৰীক পুনৰ দলত ৰখা হ’ব নে নহয় , সেয়া অনিশ্চিত হৈ পৰিছে ৷
গম্ভীৰে লগতে কয় যে বিহাৰীক ক্ৰিকেটৰ আটাইতকৈ দীঘলীয়া ফৰ্মেটত নিজকে প্ৰমাণ কৰিবলৈ বেছি সুযোগ প্ৰদান কৰা হোৱা নাই ৷ প্ৰায় এবছৰ ধৰি কঠিন পৰিস্থিতিৰ মাজেৰে অতিবাহিত কৰা ৰাহানেৰ ক্ষেত্ৰতো একেধৰনৰ সমৰ্থনৰ প্ৰয়োজন বুলিও তেওঁ মন্তব্য কৰে ৷
ষ্টাৰ স্পর্টছৰ এক সাক্ষাৎকাৰত গম্ভীৰে কয় “যদি বিহাৰীয়ে পৰৱৰ্তী টেষ্ট খন খেলিবলৈ নাপায় তেন্তে সেয়া অতি দুৰ্ভাগ্যজনক হ’ব। ৰাহানে অৰ্ধশতক অৰ্জন কৰাৰ সময়তে হনুমা বিহাৰীয়েও ৪০ ৰাণত অপৰাজিত হৈ আছে । যদি বিহাৰীয়ে ৰাহানেৰ স্থানত বেটিং কৰিলেহেতেন হয়তো তেওঁ অৰ্ধশতক অৰ্জন কৰিলেহেতেন । তেওঁ দুয়োটা ইনিংছতে নিয়ন্ত্ৰণ ৰাখি খেলিছে ৷”