বাৰ্চিলোনাৰ কিংবদন্তি স্পেনিছ ডিফেণ্ডাৰ জেৰাৰ্ড পিকে ৩৫ বছৰ বয়সত প্ৰতিযোগিতামূলক ফুটবলৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছে।শনিবাৰে তেওঁ নিজৰ অন্তিমখন খেল খেলিব । ১৯৯৭ চনত কাটালনিয়ান দলৰ সৈতে যুৱ ফুটবলাৰ হিচাপে তেওঁ কেৰিয়াৰ আৰম্ভ কৰাৰ পিছত ২০০৪ চনত প্ৰতিষ্ঠিত ফুটবল ক্লাৱ মানচেষ্টাৰ ইউনাইটেডত যোগদান কৰে ৷ ২০০৮ চনত পুনৰ তেওঁ বাৰ্চিলোনালৈ ওভতি আে আৰু বিভিন্ন টুর্নামেণ্টত অভিলেখ ৰচনা কৰে ৷
পিকে ৬১৫খন মেচত কেৰিয়াৰৰ ৫২টা গ’ল দিয়াৰ উপৰিও চাৰিবাৰ ইউএফএ চেম্পিয়নছ লীগ আৰু তিনিবাৰ ফিফা ক্লাব বিশ্বকাপ জয় কৰিছে।
এক ভিডিআ’ৰ জৰিয়তে অৱসৰৰ কথা ঘোষণা কৰি তেওঁ কয় – মই সিদ্ধান্ত লৈছো যে এতিয়াই এই যাত্ৰাৰ অন্ত পেলোৱাৰ সময়। মই সদায় কৈ আহিছো যে বার্চিলোনাৰ পিছত মোৰ বাবে আন কোনো দল নাথাকিব আৰু সেয়াই হ’ব। কেম্প ন’ত শনিবাৰৰ খেলখন মোৰ শেষ খেল হ’ব । মই নিয়মীয়া অনুৰাগী হৈ যাম। মই দলটোক সমৰ্থন কৰিম।’
তেওঁ লগতে এইবুলিও কয় – “বার্চিলোনাত যোগদান কৰাৰ ২৫ বছৰ হ’ল। মই গুচি গ’লোঁ আৰু মই উভতি আহিলোঁ। ফুটবলে মোক সকলো দিছে আৰু বির্চিলোনাই মোক সকলো দিছে। মই বার্চিলোনাৰ প্ৰতি মোৰ প্ৰেম মোৰ সন্তানৰ মাজলৈ আগবঢ়াই দিম।বাৰ্চা জীয়াই থাকক ৷”
‘