আৰম্ভণিতে জাৰ্মানীয়ে ইউৰো কাপত জয়লাভ কৰিছিল। প্ৰথমখন খেলত স্কটলেণ্ডক ৫-১ গ’লত পৰাস্ত কৰে। বুধবাৰে নিশা হাংগেৰীৰ বিৰুদ্ধে খেলিব জার্মানীয়ে । আয়োজক দেশখনে গ্ৰুপৰ দ্বিতীয়খন মেচত জয়লাভ কৰি প্ৰি-কোৱাৰ্টাৰ ফাইনেল নিশ্চিত কৰিব বিচাৰিছে। দুগৰাকী যুৱ ফুটবলাৰ দলটোৰ বাবে আশা।
প্ৰথমখন মেচত দৃষ্টি আকর্ষন কৰিছিল ফ্লৰিয়ান উইৰ্টজ আৰু জামাল মুছিয়ালায়ে। ইউৰোৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এখন মেচত ২১ বছৰীয়া ফুটবলাৰ দুগৰাকীয়ে দুটা গ’ল দিয়ে। তেওঁলোকৰ গতি আৰু বলৰ নিয়ন্ত্ৰণ আচৰিত কৰি তুলিছে দর্শকক। বিপক্ষ হিচাপে স্কটলেণ্ড বেছি দূর্বল নাছিল যদিও জাৰ্মানীৰ হাতত পৰাস্ত হৈছিল। তাৰ বাবে এই দুজন ফুটবলাৰ আটাইতকৈ ডাঙৰ কৃতিত্বৰ যোগ্য। আৰম্ভণিতে দেখুওৱা খেলখনে স্কটলেণ্ডক স্তম্ভিত কৰি তুলিছিল।
জাৰ্মান দলত এইবাৰ কেইবাজনো যুৱ ফুটবলাৰ আছে। প্ৰথমখন খেলত উইৰ্টজ আৰু মুছিয়ালাৰ উপৰিও কাই হাভাৰ্টজ আৰু নিক্লাছ ফুলক্ৰুগেও গ’ল দিয়ে। তেওঁলোকৰ আত্মবিশ্বাস উচ্চ। এই বৃহৎ জয়ৰ পিছত শান্ত হৈ পৰিছে জাৰ্মানীৰ প্ৰশিক্ষক জুলিয়ান নাগেলছমেন। তেওঁ দলটোক শান্ত হৈ থাকিবলৈ নির্দেশ ;দিছে । কাৰণ, তেওঁ জানে, এতিয়াও বহু দূৰ বাকী আছে। স্কটলেণ্ডক পৰাস্ত কৰাৰ পিছত নেগেলছমেনে কয়, ‘গোটেই দলটোৱে জানে যে আমি মাত্ৰ প্ৰথম পদক্ষেপটো অতিক্ৰম কৰিছো।’
প্ৰথমখন মেচত ৫-১ গ’লত জয়লাভ কৰাৰ আশা কৰা নাছিল নেগেলছমেনে। তেওঁ দলৰ প্ৰদৰ্শনক প্ৰশংসা কৰে। জাৰ্মানীৰ প্ৰশিক্ষকে কয় যে আমি বিপক্ষক গ’ল দিয়াৰ কোনো সুযোগ নিদিলোঁ।
গ্ৰুপ এৰ আনখন খেলত স্কটলেণ্ডে ছুইজাৰলেণ্ডৰ বিৰুদ্ধে খেলিব। প্ৰথমখন খেলত ছুইজাৰলেণ্ডে জয়লাভ কৰে। গতিকে তেওঁলোকৰ আত্মবিশ্বাস উচ্চ। স্কটলেণ্ডে পুনৰ জয়ৰ পথলৈ ঘূৰি আহিবলৈ বিচাৰিব। ফলত এই মেচখন অত্যন্ত আকর্ষনীয় হোৱাৰ সম্ভাৱনা আছে ৷
বুধবাৰে এখন মেচত ক্ৰ’ৱেচিয়া আৰু আলবেনিয়াই গ্ৰুপ বিৰ খেলত অংশগ্ৰহণ কৰিব। দুয়োটা দলে প্ৰথমখন খেলত পৰাস্ত হয়। লুকা মড্ৰিচৰ ক্ৰ’ৱেচিয়া স্পেইনৰ হাতত ০-৩ গ’লত পৰাস্ত হয়। আনহাতে, ইটালীৰ বিৰুদ্ধে ইউৰোত সৰ্বাধিক দ্ৰুত গ’ল দিয়াৰ পিছতো আলবেনিয়াই ১-২ গ’লত পৰাস্ত হ’বলগীয়া হৈছিল। গতিকে দুয়োটা দলে পুনৰ আহি জয়ী হ’ব বিচাৰিব। বুধবাৰে প্ৰথমখন খেল ক্ৰ’ৱেচিয়া বনাম আলবেনিয়া। সন্ধিয়া ৬:৩০ বজাৰ পৰা আৰম্ভ হ’ব খেল। দ্বিতীয়খন খেল হ’ল জাৰ্মানী বনাম হাংগেৰী। এই খেলখন ভাৰতীয় সময় অনুসৰি নিশা ৯:৩০ বজাৰ পৰা আৰম্ভ হয়। ভাৰতীয় সময় অনুসৰি নিশা ১২:৩০ বজাৰ পৰা আৰম্ভ হ’ব স্কটলেণ্ড বনাম ছুইজাৰলেণ্ডৰ খেল।