এদিনীয়া বিশ্বকাপৰ ফাইনেলত পৰাজয়ৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহম্মদ ছামীক সাৱটি ধৰা দৃশ্য ভাইৰেল হৈ পৰিছিল সামাজিক মাধ্যমত । মঙলবাৰে ছামীৰ বাবে দ্ৰুত আৰোগ্যৰ বাৰ্তা দিলে প্ৰধানমন্ত্ৰী মোদীয়ে। দেশৰ প্ৰধানমন্ত্ৰীৰ এই বাৰ্তাইও আপ্লুত কৰিছে ক্ৰিকেটাৰ গৰাকীক ৷
বিশ্বকাপৰ পিছৰে পৰা ক্ৰিকেটৰ পৰা আঁতৰি আছে ছামি। তেওঁ ভৰিৰ গোৰোহাত আঘাত পাইছে । ইতিমধ্যে অস্ত্ৰোপচাৰ কৰা হৈছে। সোমবাৰে নিশা তেওঁ পোষ্ট কৰিছিল অস্ত্ৰপোচাৰৰ পাছৰ ছবি ৷ ছ’চিয়েল মিডিয়াত সেই ছবিখন দেখাৰ পাছত মোদীয়ে লিখিছে, ‘আপোনাৰ আশু আৰোগ্য কামনা কৰিলোঁ। আশাকৰোঁ আপোনাৰ আঘাত সোনকালে ভাল হ’ব। এই সময়খিনি সাহসেৰে মুখামুখি হ’ওক।”
মোডীৰ পোষ্টৰ পিছতে ছামীয়েও ইয়াৰ উত্তৰ দিয়ে। তেওঁ লিখিছে, ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মোৰ বাবে ব্যক্তিগতভাৱে বার্তা দিছে ৷ এইটোৱেই হৈছে চূড়ান্ত প্ৰাপ্তি। তেওঁ মোৰ আশু আৰোগ্য কামনা কৰিছে। তেওঁৰ এই বাৰ্তা মোৰ অত্যন্ত ভাল লাগিছে। ধন্যবাদ মোদী মহাশয়। সোনকালে ভাল হ’বলৈ চেষ্টা কৰিছো। লগতে, মোৰ মংগল কামনা কৰাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ।”
ইয়াৰ পূৰ্বে ছামীয়ে চিকিৎসালয়ৰ কিছু ছবি পোষ্ট কৰিছিল। তাত তেওঁ লিখিছে, “মোৰ ভৰিৰ গোৰোহাৰ অস্ত্ৰোপচাৰ সফল হ’ল। সুস্থ হ’বলৈ সময় লাগিব। “ এইবাৰ আইপিএলত খেলিব নোৱাৰিব ছামীয়ে। টি-২০ বিশ্বকাপতো তেওঁ খেলাৰ সম্ভাৱনা কম। এনে পৰিস্থিতিত পুনৰ কেতিয়া দেশৰ জাৰ্চি পিন্ধি খেলিব সেয়া নিশ্চিত নহয় ৷