কাটাৰত বিশ্বকাপ জয় কৰাৰ পিছত প্ৰথমবাৰৰ বাবে আৰ্জেণ্টিনাই কোপা আমেৰিকাৰ দৰে ডাঙৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। লিয়নেল মেছিৰ দেশে জয়েৰে আৰম্ভ কৰিলে কোপা আমেৰিকা। কানাডাক ২-০ গ’লত পৰাস্ত কৰে আৰ্জেণ্টিনাই ।
যদিও প্ৰথমাৰ্ধত গ’লশূণ্য আছিল, তথাপিও দ্বিতীয়াৰ্ধৰ আৰম্ভণিতে ইউলিয়ান আলভাৰেছে গ’ল দিয়ে। খেলখনৰ শেষত লাউটাৰো মাৰ্টিনেজে মেছিৰ পাছৰ পৰা গ’ল দি ব্যৱধান বৃদ্ধি কৰে।
৪৯ মিনিটত আৰ্জেণ্টিনাই লাভ কৰে প্ৰথমটো গ’ল। আলভাৰেজে এলেক্সিছ মেকএলিষ্টাৰৰ পাছৰ সহায়ত গ’ল দিয়ে । কাটাৰ বিশ্বকাপত আৰ্জেণ্টিনাৰ হৈ মেছিয়ে সৰ্বাধিক গ’ল দিছিল। দ্বিতীয় স্থানত আছিল যুৱ আলভাৰেজ। আৰ্জেণ্টিনাই তেওঁৰ গ’লেৰে কোপাৰ আৰম্ভণি কৰে। দ্বিতীয়টো গ’ল দিয়ে ৮৮ মিনিটত। সেই মুহূৰ্তত আৰ্জেণ্টিনাই কানাডাৰ বিৰুদ্ধে জয়ী হোৱাৰ আত্মবিশ্বাস লাভ কৰিছিল। ২-০ গ’লত আগবাঢ়ি আছে আৰ্জেণ্টিনা। মেছিৰ পৰৱৰ্তী মেচ হ’ব চিলিৰ বিৰুদ্ধে। ২৬ জুনত অনুষ্ঠিত হ’ব এই মেচ ৷