এইবাৰৰ আই পি এলৰ আৰম্ভণিতে বিৰাট কোহলীয়ে অভিলেখ গঢ়িছিল। শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে আই পি এল। প্ৰথমখন খেলত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে খেলিছিল ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু। আৰ চি বিৰ হৈ খেলি থকাৰ সময়তে বিৰাটে এক অভিলেখ গঢ়ে। তেওঁ একেটা দলৰ হৈ একেৰাহে ১৭ বাৰ আই পি এল খেলিছিল।
একেটা দলৰ হৈ একেৰাহে ১৭ খন আই পি এল মেচ খেলা একমাত্ৰ ক্ৰিকেটাৰ হৈছে বিৰাট। ২০০৮ চনৰ পৰা আৰম্ভ হৈছে আই পি এল। এয়া ১৭ সংখ্যক আই পি এল। বিৰাটে ১৬ বছৰ ধৰি একেটা দলৰ হৈ খেলি আহিছে। এই অভিলেখ আন কোনো ক্ৰিকেটাৰৰ হাতত নাই। একাধিক ক্ৰিকেটাৰে এইবাৰ ১৭সংখ্যক আই পি এল খেলিব। কিন্তু তেওঁলোকৰ কোনোৱেই একেটা দলৰ হৈ ১৭ সংখ্যক আই পি এল খেলা নাই ৷
মহেন্দ্ৰ সিং ধোনিয়ে আই পি এলৰ সকলো খেল খেলিছে। কিন্তু দুবছৰ ধৰি চেন্নাইক আই পি এলৰ পৰা নিৰ্বাসিত কৰা হৈছিল। সেই দুবছৰ ধোনীয়ে ৰাইজিং পুনে ছুপাৰজায়েন্টছৰ হৈ আই পি এল খেলিছিল। ৰোহিত শৰ্মাই সকলো আই পি এলতো খেলিছে। কিন্তু তেওঁ ডেকান চাৰ্জাৰ্ছ (বৰ্তমান ছানৰাইজাৰ্ছ হায়দৰাবাদ)ৰ হৈ প্ৰথম দুবছৰ খেলিছিল। পিছত মুম্বাই ইণ্ডিয়ানছৰ দলত যোগদান কৰে। ইয়াৰ উপৰিও ঋদ্ধিমান সাহাই ১৭ সংখ্যক আই পি এল খেলি আছে। কিন্তু তেওঁ কলকাতা নাইট ৰাইডাৰ্ছ, চেন্নাই ছুপাৰ কিংছ, পঞ্জাব কিংছ আৰু গুজৰাট টাইটানছৰ হৈ খেলিছে। ফলত একেটা দলৰ হৈ একেৰাহে ১৭ খন আই পি এল খেলৰ অভিলেখ গঢ়িব নোৱাৰিলে।