১৮ নৱেম্বৰত ৱেলিংটনত আৰম্ভ হ’বলগীয়া ভাৰতৰ বিৰুদ্ধে ঘৰুৱা শৃংখলাৰ বাবে নিউজিলেণ্ডৰ টি-২০ আৰু এদিনীয়া দল ঘোষণা কৰা হৈছে ৷ আজি ঘোষণা কৰা অনুসৰি মাৰ্টিন গুপটিল আৰু ট্ৰেণ্ট ব’ল্টক দলৰ পৰা বাদ । অ’পেনাৰ ফিন এলেনে দুয়োটা দলতে স্থান লাভ কৰাৰ বিপৰীতে বেগী বলাৰ আদম মিলনে ২০১৭ চনৰ পাছত এদিনীয়া দললৈ উভতি আহিছে।
ক্ৰাইষ্টচাৰ্চত অনুষ্ঠিত হ’বলগীয়া তৃতীয়খন এদিনীয়াৰ অংশ নহ’ব অলৰাউণ্ডাৰ জেমছ নিছাম ৷ তেওঁৰ ঠাইত হেনৰী নিকোলছে খেলিব। প্ৰকাশ পোৱা তথ্য অনুসৰি পিঠিৰ আঘাতৰ বাবে বেন ছিয়াৰ্ছ আৰু কাইল জেমিছনক নিৰ্বাচনৰ বাবে বিবেচনা কৰা হোৱা নাছিল।
২০ আৰু ২২ নৱেম্বৰত দ্বিতীয় আৰু তৃতীয় টি-২০ৰ বাবে টাউৰাংগা আৰু নেপিয়াৰলৈ যোৱাৰ পূৰ্বে এই ভ্ৰমণৰ আৰম্ভণি হয়।২৫ নৱেম্বৰত অকলেণ্ডত এদিনীয়া ছিৰিজ আৰম্ভ হ’ব, ৷ ২৭ নৱেম্বৰত হেমিল্টনত দ্বিতীয়খন মেচ আৰু ফাইনেল ৩০ নৱেম্বৰত ক্ৰাইষ্টচাৰ্চত অনুষ্ঠিত হ’ব।
এদিনীয়া দল: কেন উইলিয়ামছন (কেপ্তেইন), ফিন এলেন, মাইকেল ব্ৰেচৱেল, ডেভন কনৱে, লকি ফাৰ্গুচন, ডেৰিল মিচেল, এডাম মিলন, জিমি নিছাম, গ্লেন ফিলিপছ, মিচেল ছাণ্টনাৰ, টিম চাউথী, টম লেথাম (উইকেটকীপাৰ), মেট হেনৰী .
টি-২০ দল : কেন উইলিয়ামছন (কেপ্তেইন), ফিন এলেন, মাইকেল ব্ৰেচৱেল, ডেভন কনৱে (উইকেটকীপাৰ), লকি ফাৰ্গুচন, ডেৰিল মিচেল, এ মিলনে, জিমি নিছাম, গ্লেন ফিলিপছ, মিচেল ছাণ্টনাৰ, টিম চাউথী, ইছ ছ’ধি, ব্লেয়াৰ টিকনাৰ।