গুৱাহাটীলৈ অনা হৈছে এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ ট্ৰফী। বৰ্ষাপাৰাৰ ছাউথ পইণ্ট স্কুলত প্ৰদৰ্শন কৰা হৈছে ট্ৰফীটো। এই ট্ৰফীক লৈ শিক্ষার্থীৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে ৷
ইয়াৰ উপৰি এচিএৰ ষ্টেডিয়ামত দিনৰ দুই বজাৰ পৰা ৪ বজালৈ সাধাৰণ নাগৰিকৰ বাবে মুকলি কৰা হ’ব এই ট্ৰফী ৷ সাধাৰণ নাগৰিকসকলে আজি ট্ৰফীটো স্বচক্ষে প্ৰত্যক্ষ কৰিব পাৰিব ৷
২৭ খন দেশৰ ভিন্ন স্থানত এই ট্ৰফী প্দর্শন কৰা হৈছে ৷ অক্টোবৰৰ পৰা ভাৰতত অনুষ্ঠিত হ’ব বিশ্বকাপ ক্ৰিকেট ৷ এই টুর্ণামেণ্টত বিজয়ী দলক এই ট্ৰফী প্ৰদান কৰা হ’ব ৷ সোণ ৰূপেৰে নির্মিত ট্ৰফীটোৰ ওজন প্ৰায় ১১ কিল’গ্ৰাম ৷ লক্ষণীয় যে গুৱাহাটীত বিশ্বকাপৰ মূল খেল অনুষ্ঠিত নহ’লেও ৱার্ম-আপ মেচ অনুষ্ঠিত হ’ব ৷