নেপালৰ কাঠমাণ্ডুত অনুষ্ঠিত ছাফ গেমছত চেম্পিয়নৰ খিতাপ লাভ কৰা ১৯ অনুর্ধৰ ফুটবল টীমৰ অংশীদাৰ হৈ অসমলৈ গৌৰব কঢ়িয়াই আনিছে উদীয়মান ফুটবলাৰ গৌগৌমছাৰ গয়াৰীয়ে ৷ ভৰতত উপস্থিত হোৱাৰ পাছতে আজি তেওঁক গৃহভূমিত উষ্ম আদৰণি জনোৱা হয় ৷ কোকৰাঝাৰৰ তেওঁৰ জন্মস্থান মলানডুবিত তেওঁক ৰেলী কৰি লৈ অহাৰ লগতে বিভিন্ন দল সংগঠন আৰু স্থানীয় লোকসকলে সম্বর্ধনা জ্ঞাপন কৰে ৷
উল্লেখ্য যে যোৱা ৩০ ছেপ্তেম্বৰত ছাফ গেমছত পাকিস্তানক ৩-০ গ’লত পৰাজিত কৰিছিল ভাৰতে চেম্পিয়নৰ খিতাপ লাভ কৰিছিল ৷ এই মেচখনত তৃতীয়টো গ’ল দি ভাৰতক জয়ী হোৱাত সহায় কৰিছিল গৌগৌমছাৰ গয়াৰীয়ে ৷ তদুপৰি তেওঁ ছাফ গেমছত টপ স্ক’ৰাৰ হিচাপেও বিবেচিত হয় ৷
নিজৰ জন্মস্থানত উপস্থিত হৈ আনন্দিত হৈ পৰা গৌগৌমছাৰ গয়াৰীয়ে কয় যে তেওঁ ৭ বছৰৰ পৰা খেলিবলৈ আৰম্ভ কৰিছিল ৷ পিতৃয়ে তেওঁক লৈ গৈছিল ফুটবল প্ৰশিক্ষণলৈ ৷