ভাৰতীয় ক্ৰিকেট টীমৰ অফ স্পিনাৰ হৰভজন সিঙে শুকুৰবাৰে সকলো প্ৰকাৰৰ ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰে। ৪১ বছৰীয়া খেলুৱৈগৰাকীয়ে ১০৩ খন টেষ্ট, ২৩৬ খন এদিনীয়া আৰু ২৮ খন টি-২০ত ভাৰতক প্ৰতিনিধিত্ব কৰি ক্ৰমান্বয়ে ৪১৭, ২৬৯ আৰু ২৫ টা উইকেট দখল কৰে ৷ তদুপৰি তেওঁ দুটা শতক আৰু নটা অৰ্ধশতকৰ সৈতে ৩,৫৬৯ ৰাণ সংগ্ৰহ কৰি বহু গুৰুত্বপূর্ণ মেচত ভাৰতীয় দলটোক জয়ী কৰাত সহায় কৰিছে৷
২০০১ চনত ইডেন গাৰ্ডেনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত টেষ্ট মেচত হেট্ৰিক কৰা প্ৰথম ভাৰতীয় ক্ৰিকেটাৰ হৰভজন সিঙে ছ’চিয়েল মিডিয়াৰ জৰিয়তে অৱসৰৰ কথা ঘোষণা কৰে। টুইটাৰত ক্ৰিকেটাৰজনে অৱসৰৰ কথা ৰাজহুৱা কৰি কয় “সকলো যাত্ৰাৰে এটা সমাপ্তি থাকে ৷ আজি মই মোৰ জীৱন ধন্য কৰা ক্ৰিকেটক বিদায় জনোৱাৰ সময়ত বিগত ২৩ বছৰীয়া যাত্ৰা সুন্দৰ আৰু স্মৰণীয় কৰি তোলা প্ৰতিজন ব্যক্তিকে ধন্যবাদ জ্ঞাপন কৰিছো ৷”
তেওঁ লগতে কয় ‘মই যোৱা কেইবছৰমান ধৰি এই ঘোষণা ৰাজহুৱা কৰাৰ বাবে অপেক্ষা কৰি আছোঁ ৷ মানসিক মই কেতিয়াবাই অৱসৰ লৈছিলো ৷ জলন্ধৰৰ পথৰ পৰা টীম ইণ্ডিয়াৰ এজন সদস্য হোৱালৈ মোৰ এই যাত্ৰা সুন্দৰ আছিল। দেশৰ জাৰ্চী পিন্ধি খেলপথাৰত ভৰি দিয়াতকৈ মোৰ বাবে কোনো ডাঙৰ অনুপ্ৰেৰণা নাই। ”
৪১ বছৰীয়া খেলুৱৈগৰাকীয়ে ২০০৭ চনত টি-২০ বিশ্বকাপ আৰু ২০১১ চনত এদিনীয়া বিশ্বকাপৰ ঐতিহাসিক বিজয়ৰ অংশ আছিল। অফ স্পিনাৰগৰাকীয়ে শেষবাৰৰ বাবে ২০১৬ চনৰ ৩ মার্চত টি-20 বিশ্বকাপত ইউ.এ.ই.-ৰ বিৰুদ্ধে ভাৰতৰ হৈ খেলিছিল। অৱশ্যে তেওঁ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ কেইবাটাও ফ্ৰেঞ্চাইজিৰ ধাৰাবাহিকভাৱে অংশ আছিল আৰু যোৱা ছিজনত কলকাতা নাইট ৰাইডাৰ্ছৰ হৈ খেলিছিল।