গুজৰাট টাইটানছৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়া ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত (আই পি এল) আন এক অভিলেখ ৰচনা কৰিবলৈ সক্ষম হৈছে ৷ আই পি এলত ১০০ টা ‘ছিক্স’ কোবোৱা দ্ৰুততম ভাৰতীয় হিচাপে পৰিগণিত হৈছে হার্দিক । সোমবাৰে নৱী মুম্বাইৰ ড০ ডি ৱাই পাটিল ক্ৰীড়া একাডেমীত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে খেলা মেচত হাৰ্দিকে এই কৃতিত্ব অৰ্জন কৰে ৷ অলৰাউণ্ডাৰজনে মুঠ ১০৪৬ টা বলত এই মাইলৰ খুঁটিত উপনীত হৈছে। ৱেষ্ট ইণ্ডিজৰ ক্ৰিছ গেইল আৰু আন্দ্ৰে ৰাছেলৰ পিছত তেওঁ বিশ্বৰ তৃতীয় দ্ৰুততম খেলুৱৈ হিচাপে পৰিগণিত হৈছে ৷ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ প্ৰথম তিনিখন মেচ জিকাৰ পিছত প্ৰতিযোগিতাখনত গুজৰাটে কালি প্ৰথমবাৰৰ বাবে পৰাস্ত হয় ৷