২০২১ চনত গুজৰাট টাইটানছে অভিষেক ছিজনত আই পি এল জয় কৰিছিল। অধিনায়ক হাৰ্দিক পাণ্ডিয়াই এইবাৰ দল সলনি কৰি নিজৰ পুৰণি দল মুম্বাই ইণ্ডিয়ানছলৈ উভতি যাব ? ১৯ ডিচেম্বৰত ডুবাইত অনুষ্ঠিত হ’ব আই পি এলৰ নিলাম। তাৰ আগতে ভাৰতীয় অলৰাউণ্ডাৰগৰাকীৰ দল সলনি হোৱাৰ সম্ভাৱনাৰ কথা চর্চালৈ আহিছে ৷
অভিযোগ অনুসৰি হাৰ্দিক পুৰণি দললৈ ঘূৰি অহাটো প্ৰায় নিশ্চিত। তেওঁক ১৫ কোটি টকা দিবলৈ সাজু হৈছে মুম্বাই ইণ্ডিয়ানছ। যদি হাৰ্দিক ঘূৰি আহে তেন্তে ই হ’ব আই পি এলৰ ইতিহাসত দলৰ আটাইতকৈ ডাঙৰ চমকপ্ৰদ পৰিৱৰ্তন। যদিও ৰোহিত শৰ্মাৰ দলে এই সন্দৰ্ভত কোনো আনুষ্ঠানিক বক্তব্য দিয়া নাই।
গুজৰাট দলৰ এক সূত্ৰই সংবাদ সংস্থা পিটিআইক জনোৱা মতে, “হাৰ্দিক মুম্বাইলৈ ঘূৰি অহাৰ সম্ভাৱনাক লৈ আলোচনা আৰম্ভ হৈছে। হয়তো, হাৰ্দিক নিজৰ পুৰণি দললৈ উভতি আহিব ৷ কিন্তু এই মুহূৰ্তত ইয়াতকৈ বেছি কোৱা আমাৰ বাবে সম্ভৱ নহয়।”
প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে হাৰ্দিকে মুম্বাই ইণ্ডিয়ানছৰ হৈ ৭টা ছিজন খেলিছিল। ২০২২ চনত ৰোহিতৰ দলে তেওঁক মুকলি কৰি দিছিল। গুজৰাট দলৰ দায়িত্ব লৈ তেওঁ চেম্পিয়ন হৈ পৰিল। যোৱা বছৰো গুজৰাটে ফাইনেল খেলিছিল। অৱশ্যে হাৰ্দিকৰ দলটো মহেন্দ্ৰ সিং ধোনীৰ চেন্নাই ছুপাৰ কিংছৰ হাতত পৰাস্ত হয়।
মুম্বাইয়ে ইংলেণ্ডৰ বেগী বলাৰ জোফ্ৰা আৰ্চাৰকে ধৰি ৭ গৰাকী ক্ৰিকেটাৰক মুকলি কৰি দিয়াৰ সিদ্ধান্ত লৈছে। অহা মাহৰ নিলামত সকলো ফ্ৰেঞ্চাইজি দলকে অতিৰিক্ত ৫ কোটি টকা ব্যয় কৰিবলৈ অনুমতি প্ৰদান কৰিছে আই পি এল গভৰ্নিং কাউন্সিলে। ফলত যদি হাৰ্দিক পুনৰ পুৰণি দললৈ ঘূৰি আহে তেন্তে তেওঁক কিনিবলৈ মুম্বাইৰ কোনো আৰ্থিক সমস্যা নাথাকিব।