বিগত বর্ষৰ টি-২০ বিশ্বকাপৰ পাছতে বিৰাট কোহলীয়ে অধিনায়কত্ব ত্যাগ কৰিছিল ৷ এই বিশ্বকাপৰ পাছত ৰোহিত শৰ্মাৰ ঠাইত হাৰ্দিক পাণ্ডিয়াই অধিনায়কৰ দায়িত্ব লাভ কৰাৰ সম্ভাৱনা আছে।
টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলত ভাৰত পৰাস্ত হোৱাৰ পাছত বিৰাট কোহলী আৰু ৰোহিত শৰ্মাক টি-২০ৰ পৰা আঁতৰাই দিয়া হ’ব পাৰে বুলি চর্চা চলিছে । ৰোহিতৰ সলনি হাৰ্ডিকক টি-২০ ক্ৰিকেটত ভাৰতৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হ’ব পাৰে। মন কৰিবলগীয়া যে এইবাৰ আই পি এলত গুজৰাট টাইটানছৰ অধিনায়ক আছিল হাৰ্দিক। তেওঁ আই পি এলতো জয়লাভ কৰে। ইয়াৰ পিছত কেইবাখনো মেচত ভাৰতকো নেতৃত্ব দিছিল হাৰ্দিকে।
নিউজিলেণ্ড ভ্ৰমণৰ সময়ত দলটোৰ অধিনায়ক হিচাপেও হাৰ্ডিকে টি-২০ শৃংখলাত জয়লাভ কৰে। এইবাৰ ভাৰতীয় ব’ৰ্ডে তেওঁক অধিনায়ক দিবলৈ আগবাঢ়িছে। অহা বছৰৰ এদিনীয়া বিশ্বকাপত ৰোহিত, বিৰাটে সেই বিষয়ত মনোনিৱেশ কৰাটো ভাৰতীয় ব’ৰ্ডে বিচাৰে । ব’ৰ্ডৰ এজন বিষয়াই পিটিআইক জনোৱা মতে, ‘ব’ৰ্ডে কাকো অৱসৰ ল’বলৈ কোৱা নাই। নিজৰ সিদ্ধান্ত। কিন্তু হয়, অহা বছৰ টি-২০ মেচ বেছি নহয়। চিনিয়ৰসকলে এদিনীয়া ক্ৰিকেট আৰু টেষ্টত অধিক খেলা উচিত।”
ৰোহিত, বিৰাটক নিউজিলেণ্ড ভ্ৰমণৰ বাবে জিৰণি দিয়া হৈছে যদিও বাংলাদেশ ভ্ৰমণৰ বাবে প্ৰেৰণ কৰা হৈছে। তাত ভাৰতে এদিনীয়া আৰু টেষ্ট শৃংখলা খেলিব। এই ভ্ৰমণৰ নেতৃত্ব দিব ৰোহিতে। অহা বছৰ ভাৰতে এদিনীয়া অধিক খেল খেলিব। এনে পৰিস্থিতিত ব’ৰ্ডে ৰোহিত, বিৰাটক টি-২০ দলত নৰখাৰ সিদ্ধান্ত ল’ব পাৰে। ব’ৰ্ডৰ মুৰব্বীগৰাকীয়ে কয় যে অহা বছৰ টি-২০ত চিনিয়ৰসকলক দেখা নাযাব।’
অহা বছৰ এছিয়া কাপতো এদিনীয়া ক্ৰিকেট অনুষ্ঠিত হ’ব। যদিও ভাৰতে পাকিস্তানত খেলিব নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই। এইবাৰ ভাৰতত অনুষ্ঠিত হ’ব বিশ্বকাপ। ২০১১ চনৰ পিছত তেওঁলোকে এদিনীয়া বিশ্বকাপ জয় কৰিব নোৱাৰিলে। ভাৰতে এইবাৰ ঘৰুৱা ক্ষেত্ৰত পুনৰ বিশ্বকাপ জয় কৰিবলৈ চেষ্টা চলাব ৷