লিয়নেল মেছিয়ে ইণ্টাৰ মিয়ামীত যোগদান কৰে। বুধবাৰে নিশা এই বাতৰি প্ৰকাশ পোৱাৰ পিছৰে পৰা মেজৰ লীগ ছকাৰ (আমেৰিকাৰ ঘৰুৱা লীগ)ত ইণ্টাৰ মিয়ামিৰ খেলখনৰ টিকটৰ মূল্য আকাশলংঘী হৈছে। যিবোৰ মেচ অতি কম খৰচত চাব পৰা যায়, সেই মেচৰ টিকট ১৪০০ গুণ বেছি টকাত বিক্ৰী কৰা হৈছে।
এইখন মেছিৰ প্ৰথম মেচ নহয়। আগষ্ট মাহত মিয়ামীয়ে খেলা প্ৰতিখন খেলৰ টিকট আকাশলংঘী হৈছে। প্ৰতিখন টিকট ৩০০ ডলাৰ (ভাৰতীয় মুদ্ৰাত ২৪,৮০০ টকা)ত বিক্ৰী কৰা হৈছে। ২৬ আগষ্টত নিউয়ৰ্ক ৰেড বুলছৰ বিৰুদ্ধে খেলিব মিয়ামিয়ে। সেই মেচখনৰ টিকটৰ দাম আকাশলংঘী হৈছে ৷ খেলপথাৰৰ দাঁতিত বহি মেছিৰ খেল চাব বিচাৰিলে ২০০০ ডলাৰ (১ লাখ ৬৫ হাজাৰ টকা) ক্ৰয় কৰিব লাগিব। সাধাৰণতে সেই মেচখনৰ টিকটৰ মূল্য ২০ ডলাৰ (ভাৰতীয় মুদ্ৰাত ১৭০০ টকা)ৰ পৰা আৰম্ভ হয়।
কেৱল এই মেচখনৰ বাবেই নহয়, মিয়ামীয়ে খেলা আন মেচবোৰৰ বাবেও টিকটৰ দাম আকাশলংঘী। মিয়ামি যিমানেই পইণ্ট টেবুলৰ তলত নাথাকক কিয়, মেছিৰ বাবে অনুৰাগীৰ আগ্ৰহ বৃদ্ধি পাইছে ৷ লছ এঞ্জেলছ ফুটবল ক্লাবৰ বিৰুদ্ধে মিয়ামীৰ খেলখনৰ টিকটৰ মূল্য ৩৮৩ ডলাৰ (৩১,৭০০ টকা)ৰ পৰা আৰম্ভ হয়। অৰলেণ্ডো চিটিৰ বিৰুদ্ধে খেলখনৰ টিকটৰ মূল্য ২০৬ ডলাৰৰ পৰা আৰম্ভ হয়। নিউয়ৰ্কৰ মেচখনৰ টিকটৰ মূল্য ১৯৫ ডলাৰৰ পৰা আৰম্ভ হৈছে । চিকাগো ফায়াৰ মেচৰ টিকটৰ মূল্য ২৩৫ ডলাৰৰ পৰা আৰম্ভ হৈছে ৷
মেছিয়ে আগতেও বহুবাৰ কৈছে যে তেওঁ আমেৰিকাত খেলিব বিচাৰে। সেই ইচ্ছা এইবাৰ পূৰণ হৈছে। কিমান টকা আৰু আন কি কি সুবিধা লাভ কৰিব মেছিয়ে এতিয়াও জানিব পৰা হোৱা নাই। কিন্তু বিশেষজ্ঞসকলৰ মতে সেই সংখ্যা একেবাৰেই কম নহয়।
নিঃসন্দেহে মেছি ইতিহাসৰ সৰ্বশ্ৰেষ্ঠ ফুটবলাৰসকলৰ অন্যতম ৷ আগতে ইমান ডাঙৰ ফুটবলাৰ আৰু শেহতীয়াকৈ বিশ্বকাপ বিজয়ী এজনো ফুটবলাৰ সেই দেশত খেলিবলৈ অহা নাই। অহা বছৰ আমেৰিকাত অনুষ্ঠিত হ’ব কোপা আমেৰিকা। দুবছৰৰ পিছত বিশ্বকাপ। তাৰ আগতে আমেৰিকাই ফুটবলৰ প্ৰচাৰৰ বাবে সেই দেশৰ ফালে সকলো মনোযোগ আকৰ্ষণ কৰিব বিচাৰিছিল বুলি বিশ্বাস কৰা হৈছে ৷