ওমানত ২২ মাৰ্চত অনুষ্ঠিত জিচিচি মহিলা টি-২০চেম্পিয়নশ্বিপত বাহৰেইনে ছৌদি আৰবৰ বিৰুদ্ধে নিৰ্ধাৰিত ২০ অভাৰত মাত্ৰ ১টা উইকেট হেৰুৱাই ৩১৮ৰাণেৰে অভিলেখ সৃষ্টি কৰে ৷ এয়া এখন আন্তৰ্জাতিক টি-২২মাৰ্চত সৰ্বকালৰ সৰ্বোচ্চ ৰাণ ৷
আনহাতে মেচখনত ছৌদি আৰৱ ৪৯ ৰাণতে অলআউট হয় ৷ ২৬৯ৰাণত বাহৰেইনৰ ওচৰত পৰাজিত হয় ছৌদি আৰৱ ৷
উল্লেখযোগ্য যে আন্তৰ্জাতিক মহিলা টি-২০মেচত দ্বিতীয়বাৰৰ বাবে কোনো দলে তিনি শতাধিক ৰাণ কৰিবলৈ সক্ষম হৈছে ৷ ইয়াৰ পূৰ্বে ২০১৯চনত মালিৰ বিৰুদ্ধে উগাণ্ডাই ২ উইকেটত ৩১৪ৰাণ কৰি ইতিহাস ৰচনা কৰিছিল ৷
আনহাতে পুৰুষৰ আন্তৰ্জাতিক টি-২০ত কোনো দলেই ৩০০ৰাণৰ সীমা অতিক্ৰম কৰিবলৈ সক্ষম হোৱা নাই ৷