ধৰমশালাত পুনৰ অভিলেখ সৃষ্টি হৈছে ৷ জেমছ এণ্ডাৰছনে ৭০০ টেষ্ট উইকেট দখল কৰা বিশ্বৰ প্ৰথমজন পেচাৰ হিচাপে পৰিগণিত হয়। ভাৰতৰ প্ৰথম ইনিংছ ৪৭৭ ৰানত সমাপ্ত হয়। ইংৰাজ পেচাৰগৰাকীয়ে শনিবাৰে পুৱা কুলদীপ যাদৱৰ উইকেটেৰে ইতিহাসৰ সৃষ্টি কৰে।
৪১ বছৰ বয়সত টেষ্ট ক্ৰিকেট খেলা এজন পেচাৰৰ বাবে এয়া এক বিৰল অভিলেখ । ৭০০ উইকেট দখল কৰা প্ৰথমজন পেচাৰ হিচাপে তেওঁ টেষ্টত সৰ্বাধিক উইকেট দখল কৰা খেলুৱৈৰ তালিকাত তৃতীয় স্থানত আছে। তেওঁৰ আগত শ্ৰীলংকাৰ মুটিয়া মুৰলিথৰণ আৰু শ্বেন ৱাৰ্ণ। মুৰলীথৰণে ৮০০ উইকেট দখল কৰিছিল । স্পিনাৰ ৱাৰ্ণৰ উইকেটৰ সংখ্যা ৭০৮ উইকেট। তেওঁলোকৰ পাছতে স্থান এণ্ডাৰছনৰ ৷এতিয়ালৈকে কোনো পেচাৰে ৭০০ উইকেট দখল কৰিব পৰা নাই।
২০০৩ চনত এণ্ডাৰছনে অভিষেক ঘটায়। এণ্ডাৰছনে ২০১৫ চনৰ পৰা ইংলেণ্ডৰ হৈ হোৱাইট বল ক্ৰিকেট এৰি টেষ্ট ক্ৰিকেটক অগ্ৰাধিকাৰ দিছিল। তাৰ পিছৰ পৰা তেওঁক কেৱল টেষ্টতহে দেখা গৈছে। ইংলেণ্ড দলে এণ্ডাৰছনক তেওঁৰ বয়সৰ কথা মনত ৰাখি জিৰণি দিছিল। ইয়াৰ পিছত এণ্ডাৰছনে ৭০০ উইকেটৰ মাইলৰ খুঁটিত উপনীত হয়।
ধৰমশালা টেষ্টত ইংলেণ্ডে প্ৰথম ইনিংছত ২১৮ ৰান আৰু ভাৰতে ৪৭৭ ৰান সংগ্ৰহ কৰে। শতক অৰ্জন কৰে ৰোহিত শৰ্মা আৰু শুভমন গিলে। সেই ইনিংছত ইংলেণ্ডৰ হৈ বছিৰে ৫টা উইকেট দখল কৰে। ভাৰতে ২৫৯ ৰানত অগ্ৰগতি লাভ কৰে।