অধিনায়ক চামাৰী আটাপট্টুৰ বেটেৰে শ্ৰীলংকাই অভিলেখ গঢ়িবলৈ সক্ষম হয়। মহিলাৰ এদিনীয়া ক্ৰিকেটত সৰ্বাধিক ৰানৰ অভিলেখেৰে জয়ী হয় শ্ৰীলংকা । অষ্ট্ৰেলিয়াৰ ১২ বছৰীয়া অভিলেখ ভংগ কৰিলে শ্ৰীলংকাই। বেটছমেন হিচাপেও আটাপট্টুৱে নজিৰ গঢ়িবলৈ সক্ষম হয় ৷
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তৃতীয়খন এদিনীয়া খেলত শ্ৰীলংকাই ৩০২ ৰান কৰি জয়লাভ কৰে। ৩৩টা বল বাকী থকা অৱস্থাত জয়লাভ কৰে দলটোৱে। ২০১২ চনত নিউজিলেণ্ডৰ বিৰুদ্ধে ২৮৯ ৰান কৰি অষ্ট্ৰেলিয়াই জয়লাভ কৰিছিল। মহিলা ক্ৰিকেটত এতিয়ালৈকে সৰ্বাধিক ৰানত জয়ী হোৱাৰ সেয়াই আছিল অভিলেখ ৷সেই অভিলেখ ভংগ কৰিলে শ্ৰীলংকাই ৷
উল্লেখযোগ্য যে প্ৰথমে বেটিং কৰি দক্ষিণ আফ্ৰিকাই ৩০১ ৰান সংগ্ৰহ কৰে। লৰা উলভাৰ্টে শতক অৰ্জন কৰে। এনে লাগিছিল যেন দক্ষিণ আফ্ৰিকাই মেচখনত জয়ী হ’ব। কিন্তু আটাপাট্টুৱে অ’পেনিং কৰিবলৈ আহি বিধ্বংসী ইনিংছ খেলি সকলোকে স্তম্ভিত কৰি তোলে । তেওঁ ১৯৫ ৰান সংগ্ৰহ কৰে। অপৰাজিত হৈ দলটো জয় কৰি তেওঁ ৷
মহিলাৰ এদিনীয়া ক্ৰিকেটত আটাপাট্টুৱে এখন খেলত তৃতীয় সৰ্বাধিক ৰান সংগ্ৰহ কৰে। এই তালিকাৰ শীৰ্ষত আছে নিউজিলেণ্ডৰ আমেলিয়া কাৰ্। ২০১৮ চনত আয়াৰলেণ্ডৰ বিৰুদ্ধে তেওঁ ২৩২ ৰান সংগ্ৰহ কৰিছিল। ১৯৯৭ চনত ডেনমাৰ্কৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াৰ বেলিণ্ডা ক্লাৰ্কে ২২৯ ৰান সংগ্ৰহ কৰিছিল। কিন্তু দুয়োজনে প্ৰথমে বেটিং কৰি এই ৰান অৰ্জন কৰে।
মহিলাৰ এদিনীয়া ক্ৰিকেটত আটাপট্টু পুৰুষ-মহিলাৰ ভিতৰত দ্বিতীয় স্থানত আছে। পুৰুষৰ সৰ্বাধিক ৰান সংগ্ৰহ কৰিছে গ্লেন মেক্সৱেলে। এইগৰাকী অষ্ট্ৰেলিয়ান বেটছমেনে যোৱা বছৰ ভাৰতত অনুষ্ঠিত এদিনীয়া বিশ্বকাপত আফগানিস্তানৰ বিৰুদ্ধে ২০১ ৰানত অপৰাজিত হৈ আছিল।