এইবাৰ মহিলা আই পি এলত দিল্লী কেপিটেলছক পৰাস্ত কৰি আৰ চি বিয়ে জয়লাভ কৰে। স্মৃতি মান্ধনাই চেম্পিয়ন হিচাপে ট্ৰফী লাভ কৰাৰ উপৰিও লাভ কৰে পুৰস্কাৰৰ ধন। ফাইনেলত দিল্লী পৰাস্ত হ’লেও তেওঁলোকে প্ৰাইজ মানি হিচাপে যথেষ্ট লাভ কৰে ৷
চেম্পিয়ন হোৱাৰ বাবে আৰচিবিয়ে য়ে লাভ কৰিলে ৬ কোটি টকা। দ্বিতীয় স্থানত থকা দিল্লী কেপিটেলে লাভ কৰে ৩ কোটি টকা। অৱশ্যে পুৰুষৰ আই পি এলৰ পৰা ই বহুত বেলেগ। যোৱা বছৰ মহেন্দ্ৰ সিং ধোনীৰ চেন্নাই ছুপাৰ কিংছে আই পি এল জয়ৰ বাবে ২০ কোটি টকা পুৰস্কাৰ হিচাপে লাভ কৰিছিল। ৰাণার্ছ আপ গুজৰাট টাইটানছে লাভ কৰিছিল ১৩ কোটি টকা।
দলীয় বঁটাৰ লগতে কিছু ব্যক্তিগত বঁটাও লাভ কৰে আৰচিবিৰ ক্ৰিকেটাৰসকলে। প্ৰতিযোগিতাখনত সৰ্বাধিক (৩৪৭) ৰান সংগ্ৰহ কৰাৰ বাবে অৰেঞ্জ কেপ লাভ কৰিছে এলিছ পেৰীয়ে। তেওঁ লাভ কৰিছিল ৫ লাখ টকা। আৰচিবিৰ শ্ৰেয়াংকা পাটিলে ১৩টা উইকেটৰে পাৰ্পল কেপ লাভ কৰে।তেওঁ লাভ কৰে ৫ লাখ টকা ৷
আৰচিবিৰ খেল আছিল ফাইনেলত দিল্লীৰ বিৰুদ্ধে। প্ৰথমে বেটিং কৰি দিল্লীয়ে ১১৩ ৰানত অল আউট হৈছিল। আৰচিবিৰ হৈ শ্ৰেয়াংকা পাটিলে ৪ আৰু ছফী মলিনিউক্সে ৩টা উইকেট দখল কৰে। ইয়াৰ উত্তৰত ৩টা বল বাকী থকা অৱস্থাত আৰ চি বিয়ে মেচখনত জয়লাভ কৰে।