টি-২০ বিশ্বকাপ জয় কৰি সেই ফৰ্মেটৰ পৰা অৱসৰ গ্ৰহণ কৰে ৰোহিত শৰ্মাই। বৰ্তমান তেওঁ ছুটীত আছে। শ্ৰীলংকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত তেওঁ নেখেলে ৷ ইফালে তেওঁ কিমান দিনলৈ এদিনীয়া আৰু টেষ্টত খেলিব ? এইক্ষেত্ৰত কিবা নতুন সিদ্ধান্ত গ্ৰহণ কৰিব নেকি ? এই প্ৰশ্নৰ উত্তৰ দিছে ৰোহিত শর্মাই ৷ টেষ্ট আৰু এদিনীয়া ক্ৰিকেটত কিছু দিনলৈ খেলি যাব বুলি প্ৰকাশ কৰিছে তেওঁ ৷
আমেৰিকাৰ ডাল্লাছত অনুষ্ঠিত এক অনুষ্ঠানত উপস্থিত হৈছিল ৰোহিত। বিশ্বকাপ জয় কৰাৰ পিছত অৱসৰ লোৱা সন্দর্ভত তেওঁ কয়, ‘বিদায় ল’বলৈ ইয়াতকৈ ভাল সময় বিচাৰি নাপালোঁহেঁতেন। সেইখনেই আছিল মোৰ শেষ মেচ। এই ফৰ্মেটত খেলিবলৈ আৰম্ভ কৰাৰ পিছৰে পৰা সময়খিনি উপভোগ কৰিলোঁ। প্ৰতিটো মুহূৰ্ত উপভোগ কৰিলোঁ। গতিকে মই ট্ৰফী জিকিবলৈ মৰণপণ যুঁজ দিছিলো ।”
ইয়াৰ পিছত ৰোহিতে নিজৰ ভৱিষ্যতৰ কথা প্ৰকাশ কৰে ৷ তেওঁ কয়- মই বহুত দূৰলৈ এতিয়াও আঁতৰি অহা নাই ৷ গতিকে মোক আৰু কিছু সময় হ’লেও ক্ৰিকেট খেলা নিশ্চয় দেখিব।”
ভাৰতীয় অধিনায়কগৰাকীয়ে বিশ্বকাপত দক্ষিণ আফ্ৰিকাৰ হাতত পৰাস্ত হোৱাৰ দিশে গতি কৰাৰ পাছতো কেনেদৰে জয়লাভ কৰে সেই বিষয়ে বৰ্ণনা কৰে। তেওঁ কয় “সেই মুহূৰ্তত মগজু সম্পূৰ্ণ শূণ্য হৈ পপৰিছিল ৷ মই সেই পৰিস্থিতিতিটো মনযোগ দিলোঁ। আমাৰ শীতলতা ৰখাৰ প্ৰয়োজন আছিল। যেতিয়া তেওঁলোকক ৩০টা বলত ৩০ ৰানৰ প্ৰয়োজন হৈছিল তেতিয়া চাপ সঠিক আছিল। কিন্তু পিছৰ পাঁচটা অভাৰত আমি দেখুৱালোঁ যে ঠাণ্ডা মগজুৰে কাম কৰিলে কি কৰিব পাৰো।’