ভাৰতৰ পুৰুষ বেডমিণ্টন দলটোৱে প্ৰথমবাৰৰ বাবে ‘থমাছ কাপ’ জয় কৰাৰ পিছত দেওবাৰে ভাৰতৰ ক্ৰীড়া জগতত এক ইতিহাস ৰচনা হয় ৷ ভাৰতে দেওবাৰে ফাইনেলত ডিফেণ্ডিং চেম্পিয়ন ইণ্ডোনেছিয়াৰ বিৰুদ্ধে ৩-০ গ’লৰ আশ্চৰ্যকৰ জয়েৰে প্ৰথমবাৰৰ বাবে ‘থমাছ কাপ’ জয় কৰিবলৈ সক্ষম হয়। পুৰুষৰ দলৰ চেম্পিয়নশ্বিপৰ প্ৰথমখন ফাইনেলত প্ৰতিদ্বন্দিতা কৰা ভাৰতে খিতাপ নিশ্চিত কৰে যেতিয়া কিদাম্বি শ্ৰীকান্তে এগৰাকী অগশাৰীৰ খেলুৱৈ জোনাটান ক্ৰিষ্টিক পৰাস্ত কৰে। প্ৰথম তিনিখন খেলতে বিজয় লাভ কৰা ভাৰতীয় দলটোৰ এইচ এছ প্ৰণয়ে কোৰ্টলৈ যোৱাৰ সুযোগ নাপালে। কিন্তু শ্বাটলাৰে ভাৰতত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি সেইসময়ত ফাইনেলত উপনীত হৈছিল যিসময়ত দলটোৰ বাবে জয়ৰ প্ৰয়োজন আছিল আটাইতকৈ বেছি ।
এই ঐতিহাসিক বিজয়ৰ পিছত প্ৰণয়ে সংবাদ মাধ্যমৰ সৈতে হোৱা এক বিশেষ সাক্ষাৎকাৰত কয় যে তেওঁ ‘ই ঘৰলৈ আহিছে’ নামেৰে এটা হোৱাটছএপ গ্ৰুপ সৃষ্টি কৰিছিল যি ভাৰতৰ জয়ত এক ডাঙৰ ভূমিকা পালন কৰিছে।
“মই সেই হোৱাটছএপ গ্ৰুপটো সৃষ্টি কৰিছিলো। নামটো আছিল ‘ই ঘৰলৈ আহি আছে’ আৰু ই প্ৰকৃততে ঘৰলৈ আহিছিল। সেই গোটটো অতি প্ৰয়োজনীয় আৰু গুৰুত্বপূৰ্ণ আছিল। এটা গোট দৰকাৰ হৈছিল য’ত সকলো খেলুৱৈ থাকে কাৰণ বহুতো বস্তু আছে যিবোৰ আপুনি সকলোৰে সৈতে ভাগ বতৰা কৰিব নোৱাৰে। খেলুৱৈসকলে বিষয়বোৰ অতি মুক্তভাৱে আলোচনা কৰিবৰ বাবে গ্ৰুপটোৱে সঁচাকৈয়ে সহায় কৰিছিল। আমাৰ মাজত সমস্যা আৰু বিফলতা আছিল। আমি গ্ৰুপ পৰ্যায়ত চীনা টাইপেইৰ হাতত পৰাজিত হৈছিলো।
কোৱাৰ্টাৰত ভাৰতে মালয়েছিয়াৰ লিয়ং জুন হাওক ২১-১৩, ২১-৮ গ’লত পৰাস্ত কৰি প্ৰতিযোগিতাখনত ভাৰতৰ প্ৰথম পদক নিশ্চিত কৰে। তাৰ পিছত পুনৰ ছেমিত ডেনমাৰ্কৰ ৰাচমুছ জেমকেৰ সৈতে খেলিছিল আৰু প্ৰথমখন খেলত পৰাজিত হোৱা আৰু আঘাতপ্ৰাপ্ত হোৱা স্বত্বেও ভাৰতীয় শ্বাটলাৰে বাধাৰ মাজেৰে ১৩-২১, ২১-৯, ২১-১২ ব্যৱধানত বিজয়ী হৈ ফাইনেলত ভাৰতৰ স্থান নিশ্চিত কৰে।
দেওবাৰে ফাইনেলত ভাৰত ইতিমধ্যে ২-০ গ’লত উপনীত হৈছিল, লক্ষ্য সেনে প্ৰথম খন একক খেলত এন্থনী গিণ্টিঙক পৰাস্ত কৰিছিল আৰু তাৰ পিছত সতীকচাইৰাজ ৰাঙ্কিৰেড্ডী আৰু চিৰাগ চেট্টীয়ে ডাবলছত মহম্মদ আহচান আৰু কেভিন চুকামুলজোক পৰাস্ত কৰিছিল।
উল্লেখযোগ্য যে, বিশ্বৰ শীৰ্ষ স্থানীয় এগৰাকী খেলুৱৈ শ্ৰীকান্তে ভাৰতক ৩-০ ৰ ব্যৱধানত বিজয় প্ৰদান কৰি ভাৰতৰ বাবে সোণৰ পদক নিশ্চিত কৰিছিল।