নতুন অধিনায়ক ৰোহিত শৰ্মাৰ নেতৃত্বত আন এক সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে ভাৰতীয় ক্ৰিকেট দলে ৷ শেহতীয়াকৈ অনুষ্ঠিত ঘৰুৱা ছিৰিজত আকৰ্ষণীয় প্ৰদৰ্শনৰ পিছত ২০২১-২২ বর্ষৰ আই চি চি ৰেংকিঙত বিশ্বৰ এক নম্বৰ টি-২০ দল হিচাপে হিচাপে স্থান লাভ কৰিছে ৷ অৱশ্যে আইচিচিয়ে প্ৰকাশ কৰা বাৰ্ষিক টেষ্ট ৰেংকিঙৰ শীর্ষত আছে অষ্ট্ৰেলিয়া ৷ টেষ্ট ৰেংকিঙত অষ্ট্ৰেলিয়াতকৈ ভাৰত ন পইণ্ট পিছ পৰি আছে ৷
নিউজিলেণ্ডৰ ক্ৰিকেট দল যোৱা ছিজনটোত বিশ্বৰ এক নম্বৰ এদিনীয়া দল হিচাপে স্থান লাভ কৰিছে ৷ ইফালে ২০২১ চনতে অনুষ্ঠিত হ’বলগীয়া আছিল যদিও বিভিন্ন কাৰণত স্থগিত ৰখা ইংলেণ্ড বনাম ভাৰত টেষ্ট শৃংখলা অনুষ্ঠিত হ’লে ৰেংকিঙত অন্তৰ্ভুক্ত কৰা হ’ব।
এইবাৰ ভাৰতৰ এক পইণ্ট বৃদ্ধি হৈ মুঠ লাভ কৰা পইণ্ট হৈছে ১১৯ ৷ আনহাতে ইংলেণ্ডৰ ন পইণ্ট হ্ৰাস পাইছে ৷ ইংলেণ্ডৰ ৮৮ ৰেটিং পইণ্ট ১৯৯৫ চনৰ পিছত সৰ্বনিম্ন হিচাপে বিবেচিত হৈছে ৷