টকিঅ‘ অলিম্পিকত ৭ টাকৈ পদক কঢ়িয়াই আনি অভিলেখ সৃষ্টি কৰা ভাৰতীয় দলক সম্বৰ্ধনা জনাই দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে।শনিবাৰে সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন দাঙি ধৰা ভাৰতীয় দলটোক সাক্ষাৎ কৰে ৰাষ্ট্ৰপতিজনে।
ৰাষ্ট্ৰপতি ভৱনৰ সাংস্কৃতিক কেন্দ্ৰত খেলুৱৈসকলৰ বাবে আয়োজন কৰা এই চাহমেলত ৰাষ্ট্ৰপতি কোবিন্দে তেওঁলোকৰ প্ৰদৰ্শনত সন্তোষ প্ৰকাশ কৰি কয় যে ভাৰতৰ অলিম্পিক দলটোক লৈ আজি দেশবাসী গৌৰাৱাম্বিত।
এই অনুষ্ঠানত ভাগ লবলৈকে অসমকন্যা লাভলীনা বৰগোঁহাই অসমৰ পৰা পুনৰ দিল্লীলৈ উভটি গৈছিল।টকিঅ‘ অলিম্পিকত ব্ৰঞ্জ পদক লাভ কৰি ইতিহাস সৃষ্টি কৰা লাভলীনাই ৰাষ্ট্ৰপতিৰ সাক্ষাৎ লাভ কৰি আনন্দিত হৈ পৰা দেখা গ’ল।
শনিবাৰে ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰাৰ পিছতেই ভাৰতীয় অলিম্পিক দলটোৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আমন্ত্ৰণমৰ্মে লালকিল্লাত অনুষ্ঠিত হোৱা দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসত উপস্থিত থাকে।
উল্লেখযোগ্য যে ভাৰতে এইবাৰ টকিঅ‘ অলিম্পিকত দেশলৈ সৰ্বাধিক ৭ টাকৈ পদক কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল।জেভেলিন থ্ৰ‘ত নীৰজ চোপ্ৰাই সোণৰ পদক লাভ কৰাৰ লগতে মল্লযুঁজত ৰবি দাহিয়া, ভাৰ উত্তোলনত মীৰাবাঈ চানুৱে ৰূপৰ পদক,শ্বাটলাৰ পিভি সিন্ধু, বক্সিংত লাভলীনা বৰগোঁহাই,মল্লযুঁজত বজৰং পুনিয়া আৰু ভাৰতীয় পুৰুষ হকী দলে ব্ৰঞ্জৰ পদক কঢ়িয়াই আনিছিল।