ফুটবল বিশ্বকাপৰ গ্ৰুপ পৰ্যায়ৰ মেচৰ অন্ত পৰাৰ দিশে আগবাঢ়িছে ৷ গ্ৰুপ এৰ পৰা নেদাৰলেণ্ড, চেনেগাল আৰু গ্ৰুপ বিৰ ইংলেণ্ড, আমেৰিকা ইতিমধ্যে প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। এই চাৰিটা দলক যোগ্যতা অৰ্জন কৰিবলৈ পইণ্ট বিচাৰ কৰাটোৱেই যথেষ্ট আছিল। কিন্তু আগন্তুক মেচসমূহত এনে নহ’বও পাৰে। দুয়োটা দলৰ পইণ্ট সমান হ’ব পাৰে। তেনে ক্ষেত্ৰত কিদৰে প্ৰ-কোৱার্টাৰলৈ তেওঁলোকক বাচনি কৰা হ’ব?এইক্ষেত্ৰত ফিফাই কি নিয়ম অনুসৰণ কৰে জানো আহক।
প্ৰতিটো দলে গ্ৰুপ পৰ্যায়ত তিনিখন খেল খেলিব। সেই মেচবোৰৰ শেষত দুটা দল নক আউট পৰ্যায়লৈ যাব। যদি কোনো দলে গ্ৰুপ পৰ্যায়ৰ খেলত পইণ্টৰ ক্ষেত্ৰত সমতা স্থাপন কৰে তেন্তে গ’লৰ পাৰ্থক্যত আগবাঢ়ি থকা দলটোৱে পৰৱৰ্তী পৰ্যায়লৈ আগবাঢ়িব। যদি ইও সমান হয়, তেন্তে অধিক গ’ল দিয়া দলটো পৰৱৰ্তী ৰাউণ্ডলৈ যাব। যদি ইও সমান হয়, তেন্তে দুয়োটা দলৰ গ্ৰুপ পৰ্যায়ৰ মেচৰ পৰিসংখ্যা বিবেচনা কৰা হয় ৷ পইণ্ট আৰু গ’ল সমান হ’লে কোনটো দলে অধিক নিয়ম অনুসৰি ফুটবল খেলিছিল সেয়া বিবেচনা কৰা হয় ।
কিন্তু কোনটো দলে নিয়ম মানি চলিছিল কেনেকৈ বিচাৰ কৰিব? যিটো দলে কম কাৰ্ড লাভ কৰিব সেই দল পৰৱৰ্তী ৰাউণ্ডলৈ যাব। নিয়ম অনুসৰি হালধীয়া কাৰ্ডৰ অৰ্থ হ’ব এক পইণ্ট কৰ্তন। এখন মেচত দুখন হালধীয়া কাৰ্ড (ৰঙা কাৰ্ড হ’ব) দেখা পালে তিনিটা পইণ্ট কৰ্তন কৰা হ’ব। পোনে পোনে ৰঙা কাৰ্ড দেখা দলৰ চাৰি পইণ্ট কৰ্তন কৰা হ’ব। মেচ এখনত প্ৰথমে হালধীয়া কাৰ্ড আৰু তাৰ পিছত পোনে পোনে ৰঙা কাৰ্ড দেখুৱালে পাঁচ পইণ্ট কৰ্তন কৰা হ’ব। ইয়াৰ পিছত অধিক পইণ্ট পোৱা দলটো পৰৱৰ্তী ৰাউণ্ডলৈ যাব। কিন্তু সমান হ’লে কি হ’ব? তেনে ক্ষেত্ৰত ফিফা ৰেংকিঙত আগবাঢ়ি থকা দলটো নক আউট পৰ্যায়লৈ যাব।