আই চি চিৰ প্ৰতিযোগিতাত পুৰুষ আৰু মহিলাৰ দলে সমান পৰিমাণৰ ধন লাভ কৰিব। এই মন্তব্য আইচিচিৰ। দক্ষিণ আফ্ৰিকাৰ ডাৰবানত অনুষ্ঠিত হোৱা আইচিচিৰ এখন বৈঠকত এই সিদ্ধান্ত লোৱা হৈছে। কেৱল বিজয়ী দলেই নহয়, দ্বিতীয়, তৃতীয়, চতুৰ্থ স্থানৰ দলটোৱেও সমান ধন লাভ কৰিব। জয় শ্বাহে আই চি চিৰ এই সিদ্ধান্তক প্ৰশংসা কৰে। ইয়াৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ সম্পাদকগৰাকীয়ে পুৰুষ আৰু মহিলাৰ দলৰ বাবে সমান মেচ মাচুলৰ কথা ঘোষণা কৰিছিল।
কেৱল প্ৰতিযোগিতাৰ পুৰস্কাৰ ধনেই নহয়, মেচ মাচুল পুৰুষ আৰু মহিলা দলক সমানে প্ৰদান কৰা হ’ব। অৰ্থাৎ এতিয়াৰে পৰা আই চি চিৰ প্ৰতিযোগিতামূলক মেচত ৰোহিত শৰ্মাৰ সমানেই হৰমনপ্ৰীত কৌৰেও মাননি লাভ কৰিব । আইচিচিৰ অধ্যক্ষ গ্ৰেগ বাৰ্কলেই কয়, ‘ক্ৰিকেটৰ ইতিহাসত ই এক গুৰুত্বপূৰ্ণ পৰিঘটনা ৷ মই সুখী যে এতিয়াৰ পৰা আই চি চিৰ প্ৰতিযোগিতাত পুৰুষ আৰু মহিলাৰ দলে সমান টকা পাব। ২০১৭ চনৰ পৰা আমি মহিলা প্ৰতিযোগিতাত পূৰ্বতকৈ অধিক পুৰস্কাৰৰ ধন প্ৰৱৰ্তন কৰিছো। আমাৰ লক্ষ্য আছিল এই বঁটাৰ মূল্যবোধক সমতা স্থাপন কৰা। ইয়াৰ পৰা বিশ্বকাপ, টি-২০ বিশ্বকাপ, ১৯ বছৰ অনুৰ্ধ বিশ্বকাপত সমান পুৰস্কাৰৰ ধন দিয়া হ’ব।”
২০২০ আৰু ২০২৩ চনত মহিলা টি-২০ বিশ্বকাপ বিজয়ীসকলে প্ৰায় ৮ কোটি ২১ লাখ টকা লাভ কৰিছিল । ২০১৮ চনৰ পুৰস্কাৰৰ ধনৰ পাঁচগুণ আছিল এই ধন ৷ আই চি চিৰ সদস্যসকলেও পূৰ্বতকৈ অধিক ধন লাভ কৰিব। ২০২৩ চনত পুৰুষৰ বিশ্বকাপ অনুষ্ঠিত হ’ব । সেই বিশ্বকাপ বিজয়ী দলটোৱে পাব প্ৰায় ৩৩ কোটি টকা। ২০১৯ চনত বিশ্বকাপ জয় কৰাৰ পিছত ইংলেণ্ডে এই ধন লাভ কৰিছিল। এইবাৰো বিজয়ী দলটোক একেটা পুৰস্কাৰৰ ধন দিয়া হ’ব। ২০২৫ চনত অনুষ্ঠিত হ’ব মহিলাৰ এদিনীয়া বিশ্বকাপ।