আই পি এলত আজি তৃতীয়খন মেচ খেলিব বিৰাট কোহলিয়ে। শুকুৰবাৰে কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে খেলিব ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৱে। সেই মেচত অভিলেখ গঢ়াৰ সুযোগ লাভ কৰিছে বিৰাটৰ। যদি তেওঁ আজিৰ মেচখনত তিনিটা ছিক্স কোবাবলৈ সক্ষম হয় তেন্তে তেওঁ ক্ৰীছ গেলক অভাৰটেক কৰিব।
আই পি এলত এতিয়ালৈকে আৰ চি বিৰ হৈ ২৩৯খন মেচত ২৩৭টা ছিক্স কোবাইছে বিৰাটে৷ সেই দলটোৰ হৈ সৰ্বাধিক ছয়ৰ অভিলেখ গঢ়িছে গেইলে। তেওঁ ২৩৯ ছিক্স কোবাই অভিলেখ গঢ়িছে ৷ আৰু তিনিটা ছয় মাৰিলে বিৰাটে গেইলক অতিক্ৰম কৰিব ৷ কিন্তু গেইল আৰু বিৰাটৰ মাজত আছে এ বি ডি ভিলিয়াৰ্ছ। আৰচিবিৰ হৈ তেওঁ ২৩৮ টা ছিক্স কোবাইছে ৷ গেইলে ৮৫খন মেচত ২৩৯টা আৰু ১৫৬ খন মেচত ডি ভিলিয়াৰ্ছে ২৩৮টা ছিক্স কোবাই ৷
ইমান দিনত আই পি এলত এটা দলৰ হৈ ২০০ৰো অধিক ছিক্স কোবাইছে মাত্ৰ ছয়জন ক্ৰিকেটাৰে। গেইল, ডি ভিলিয়াৰ্ছ, বিৰাটৰ উপৰিও এই তালিকাত আছে কিয়ৰন পোলাৰ্ড (মুম্বাই ইণ্ডিয়ানছ), ৰোহিত শৰ্মা (মুম্বাই ইণ্ডিয়ানছ) আৰু মহেন্দ্ৰ সিং ধোনী (চেন্নাই ছুপাৰ কিংছ)। পোলাৰ্ডে ২২৩ ৰান সংগ্ৰহ কৰে। ৰোহিতে এই পৰ্যন্ত ২১০টা ছিক্স কোবাইছে। ইয়াৰ পিছত আছে ধোনী। তেওঁ ২০৯টা ছিক্স কোবাই ৷
শুকুৰবাৰে আন্দ্ৰে ৰাছেলে এই তালিকাত প্ৰৱেশ কৰিব পাৰিব। কে কে আৰৰ হৈ ১৯৭ ছিক্স কোবাইছে ৷ বেংগালুৰুৰ বিৰুদ্ধে যদি তিনিটা ছয় কোবাই তেন্তে তেওঁ ২০০ ছিক্সত উপনীত হ’ব। ৰাছেলে কেকেআৰৰ হৈ ১০০ উইকেট দখল কৰাৰ সুযোগো আছে। ইয়াৰ বাবে তেওঁক তিনিটা উইকেটৰ প্ৰয়োজন।