ঘৰুৱা ক্ৰিকেটত পৰিৱৰ্তনৰ ইংগিত দিছে ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে। চি কে নাইডু ট্ৰফীৰ পৰা টছ প্ৰত্যাহাৰ কৰাৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে । একে সময়তে ৰঞ্জী ট্ৰফীৰ দৰে শীৰ্ষ প্ৰতিযোগিতাত দুখন মেচৰ মাজৰ ব্যৱধান অধিক হ’ব লাগে বুলিও পৰামৰ্শ দিয়া হৈছে। ব’ৰ্ডৰ সম্পাদক জয় শ্বাহে এই প্ৰস্তাৱসমূহ এপেক্স কাউন্সিললৈ প্ৰেৰণ কৰিছে ৷তেওঁলোকে এই প্ৰস্তাৱ গৃহীত কৰিব। প্ৰস্তাৱ গৃহীত হ’লে ভাৰতীয় ক্ৰিকেটত ডাঙৰ পৰিৱৰ্তন হোৱাটো নিশ্চিত ৷
২৩ বছৰ অনুৰ্ধ চি কে নাইডু ট্ৰফীত টছ প্ৰত্যাহাৰ সন্দর্ভত শ্বাহে কয় ”ঘৰুৱা ক্ষেত্ৰত খেলাসকলে বিপক্ষই প্ৰথমে বেটিং নকৰাৰ সিদ্ধান্ত ল’ব। লগতে চি কে নাইডু ট্ৰফীত নতুন পইণ্ট ব্যৱস্থা প্ৰৱৰ্তন কৰা হ’ব, যাতে দলসমূহৰ মাজত ভাৰসাম্যতা থাকে। প্ৰথম ইনিংছত বেটিং আৰু বলিঙৰ বাবে পৃথকে পৃথকে পইণ্ট প্ৰদান কৰা হ’ব। ইয়াৰ লগে লগে প্ৰথম ইনিংছত অগ্ৰগতি বা আউটৰাইট জয়ৰ ক্ষেত্ৰত পইণ্ট থাকিব।”
জয় শ্বাহে কয় যে ভৱিষ্যতেও ৰঞ্জী ট্ৰফীত চি কে নাইডু ট্ৰফীৰ দৰে পইণ্ট ব্যৱস্থা প্ৰৱৰ্তন হ’ব পাৰে। তেওঁৰ ভাষাত, “ছিজনৰ শেষত নতুন পইণ্ট ব্যৱস্থাৰ পৰ্যালোচনা কৰা হ’ব। ৰঞ্জি ট্ৰফীতো ইয়াক প্ৰৱৰ্তন কৰা হ’ব নে নহয় সেই বিষয়ে আলোচনা কৰা হ’ব।’ যোৱা বছৰ ঘৰুৱা ক্ৰিকেটত বহু দলৰ অধিনায়কে দুখন মেচৰ মাজত থকা চুটি ব্যৱধানৰ অভিযোগ উত্থাপন কৰিছিল। বিশেষকৈ শ্বাৰদুল ঠাকুৰ আৰু ছাই কিশোৰে এই অভিযোগ উত্থাপন কৰে । প্ৰাক্তন ক্ৰিকেটাৰ সুনীল গাভাস্কাৰেও এই প্ৰস্তাৱলৈ সমর্থন কৰে ৷
সেই প্ৰসংগত ব’ৰ্ডৰ সম্পাদকগৰাকীয়ে এপেক্স কাউন্সিললৈ প্ৰেৰণ কৰা প্ৰস্তাৱত মেচৰ মাজত ব্যৱধান বৃদ্ধি কৰিবলৈ কয়। এই সিদ্ধান্ত খেলুৱৈসকলক আৰোগ্য আৰু শ্ৰেষ্ঠ প্ৰদৰ্শনৰ মাজত যথেষ্ট সময় দিবলৈ লোৱা হৈছে । একে সময়তে উত্তৰ ভাৰতত শীতকালত মেচ নিদিবলৈ অনুৰোধ কৰা হৈছিল। সেইটো বিবেচনা কৰা হ’ব বুলি জানিব পৰা গৈছে ৷