এনে এটা সময় আছিল যেতিয়া ভাৰতে অলিম্পিক পদক অনাটো এক সপোন আছিল। সেই সপোন এতিয়া সফল হৈছে ট’কিঅত হোৱা পেৰা অলিম্পিকত। ট’কিঅত হোৱা পেৰা অলিম্পিকত ভাৰতে যি সফলতা অৰ্জন কৰিলে , সেই সফলতা অতি উল্লেখনীয়। সৰ্বমুঠ ৫৪ জন ভাৰতীয় এথলীটে অংশগ্ৰহণ কৰা এই অলিম্পিকত মুঠতে ১৯ টি পদক অৰ্জন কৰে ভাৰতে। তাৰ ভিতৰত সোণৰ পদক আছিল পাঁচ টা।
আনহাতে পদক লাভ কৰা তালিকাত শীৰ্ষ ২৫ খন দেশৰ ভিতৰত ভাৰতে ২৪ সংখ্যক স্থান লাভ কৰিছে। ১৯৬৮ চনত প্ৰথমবাৰৰ বাবে ভাৰতে পেৰা অলিম্পিকত অংশগ্ৰহণ কৰিছিল। সেই সময়ত মাত্ৰ ১০ জনেহে অংশগ্ৰহণৰ বাবে সুযোগ পাইছিল। কিন্তু কোনেও পদক আজুৰি আনিব পৰা নাছিল।
উল্লেখ্য যে ৭২ সংখ্যক অলিম্পিকত ভাৰতে পেৰাঅলিম্পিকত প্ৰথমবাৰৰ বাবে পদক জয় কৰে। আৰু সেইবাৰেই ভাৰতে আজুৰি আনে সোণৰ পদক।আনহাতে ৮৪ সংখ্যক পেৰাঅলিম্পিকত ভাৰতৰ পৰা মুঠ ৫ জন এথলিটে অংশগ্ৰহণ কৰিছিল আৰু তাৰে ভিতৰত পদক জয় কৰি আনিছিল চাৰিটা।
প্ৰাপ্ত তথ্য মতে ২০০০ পৰ্যন্ত ভাৰতে পেৰাঅলিম্পিকত অংশগ্ৰহণ কৰিলেও কোনো পদক আনিব পৰা নাছিল। ইয়াৰ পাছত টিম ইণ্ডিয়াই পুনৰ সাফল্যৰ মুখ দেখে ২০০৪ চনত। এই সময়ত ভাৰতে এটি সোণৰ আৰু এটি ৰূপৰ পদক জয় কৰে। ২০০৮ চনত ভাৰতে পেৰাঅলিম্পিকত অংশগ্ৰহণ কৰিছিল যদিও কোনো পদক পোৱা নাছিল। আনহাতে ২০১২ চনত মাত্ৰ এটি ৰূপৰ পদক জয় কৰাৰ বিপৰীতে ২০১৬ চনত ভাৰতে মুঠ ৪ টা পদক জয় কৰিছিল। ইয়াৰে ১৯ জন ভাৰতীয় এথলেটিকৰ ভিতৰত ২ টা সোণ , ১ টা ৰূপ আৰু ১ টা ব্ৰঞ্জৰ পদক লাভ কৰে।
উল্লেখযোগ্য যে ২০১৬ চন পৰ্যন্ত ভাৰতে মুঠ ১২ টা পদক পাইছিল।কিন্তু এইবাৰ এই সকলোবোৰ চেৰ পেলাই ভাৰতে ৫ টা সোণ , ৮ টা ৰূপ আৰু ৬ টা ব্ৰঞ্জৰ পদক জয় কৰি বিশেষভাৱে সুনাম অৰ্জন কৰিবলৈ সক্ষম হয়।