প্ৰথমখন টি-২০ মেচত পাকিস্তানে নিউজিলেণ্ডক ৮৮ ৰানত পৰাস্ত কৰে। পাকিস্তানৰ অধিনায়ক বাবৰ আজমে দেশৰ হৈ ১০০ সংখ্যক টি-২০ মেচ খেলিছিল। এই মেচত বাবৰে মহেন্দ্ৰ সিং ধোনিৰ অভিলেখ স্পৰ্শ কৰিবলৈ সক্ষম হয় ৷
ধোনিৰ নেতৃত্বত ভাৰতে ৪১ খন টি-২০ মেচত জয়লাভ কৰিছে। পাকিস্তানৰ অধিনায়ক হিচাপেও বাবৰে ৪১ খন টি-২০ মেচত জয়লাভ কৰে। দেশৰ হৈ ২০ অভাৰৰ ১০০খন মেচ খেলিলেও ২৮ বছৰীয়া বেটছমেনগৰাকীয়ে ৬৭খন মেচত পাকিস্তানক নেতৃত্ব দিছে। অৰ্থাৎ পাকিস্তানৰ অধিনায়ক হিচাপে খেলা ৬৭খন মেচৰ ভিতৰত ৪১ খন খেলত বাবৰে জয়লাভ কৰে। আনহাতে ধোনীয়ে ভাৰতীয় দলটোক মুঠ ৭২ খন টি-২০ মেচত নেতৃত্ব দিয়ে। সেই হিচাপে বাবৰে পাঁচখন কম মেচতে অগ্ৰগতি লাভ কৰি ধোনিৰ নজিৰ স্পৰ্শ কৰে।
অধিনায়ক হিচাপে জয়ী হোৱা বেছিভাগ টি-২০ মেচতে ধোনী আৰু বাবৰ যৌথভাৱে দ্বিতীয় স্থানত আছে। আফগানিস্তানৰ আছঘৰ আফগান আৰু ইংলেণ্ডৰ ইয়ন মৰ্গান যৌথভাৱে এই তালিকাত শীৰ্ষস্থানত আছে ৷ শনিবাৰে দ্বিতীয়খন টি-২০ মেচত পাকিস্তানে নিউজিলেণ্ডক পৰাস্ত কৰিলে বাবৰে শীৰ্ষস্থানলৈ উন্নীত হ’ব। ইয়াৰ পিছত যদি তেওঁ আৰু এখন টি-২০ মেচত জয়ী হয় তেন্তে তেওঁ অধিনায়ক হিচাপে বেছিভাগ মেচতে জয়ী হোৱাৰ নজিৰ গঢ়ি তুলিব। আফগান আৰু মৰ্গানে দেশৰ অধিনায়ক হিচাপে ৪২খনকৈ খেলত জয়লাভ কৰে। ২০ অভাৰৰ খেলত আফগানে ৫২ আৰু মৰ্গানে ৭২ খনত নিজৰ দেশকনেতৃত্ব দিছিল ৷