আই পি এলত ২৫০ সংখ্যক মেচ খেলি আন এক অভিলেখ ৰচিলে ৰোহিত শৰ্মাই। মহেন্দ্ৰ সিং ধোনিৰ পিছত তেওঁ আই পি এলত ২৫০ সংখ্যক মেচ খেলা প্ৰথমজন ক্ৰিকেটাৰ। আৰু সেই মেচখনত ৰোহিতে আই পি এলত ৬৫০০ ৰান কৰি দ্বিতীয়টো নজিৰ গঢ়িছে ৷
এইবাৰ আই পি এলত অধিনায়কৰ দায়িত্বত নাই ৰোহিত। তেওঁ মাত্ৰ মুম্বাই ইণ্ডিয়ানছৰ বেটছমেন। মুকলি মনেৰে খেলিছে ভাৰতীয় অধিনায়কগৰাকীয়ে। বৃহস্পতিবাৰে পঞ্জাব কিংছৰ বিৰুদ্ধে ২৫টা বলত ৩৬ ৰান সংগ্ৰহ কৰে। আৰু সেই ইনিংছ খেলি ৬৫০০ ৰানৰ সীমা অতিক্ৰম কৰিলে। ৰোহিতৰ পূৰ্বে এই মাইলৰ খুঁটি অতিক্ৰম কৰিছে আই পি এলৰ তিনিগৰাকী ক্ৰিকেটাৰে। শীৰ্ষত আছে বিৰাট কোহলী। আই পি এলত ২৪৪খন মেচত তেওঁ ৭৬২৪ ৰান সংগ্ৰহ কৰে। দ্বিতীয় স্থানত আছে শিখৰ ধাৱান। ২২২খন মেচত ৬৭৬৯ ৰান সংগ্ৰহ কৰিছে ধাৱানে । তৃতীয় স্থানত আছে ডেভিদ ৱাৰ্নাৰ। ১৮২খন মেচত ৬৫৬৩ ৰান সংগ্ৰহ কৰিছে ৱার্ণাৰে। ৰানৰ ক্ষেত্ৰত চতুৰ্থ স্থানত আছে ৰোহিত।
আই পি এলত মেচ খেলৰ ক্ষেত্ৰত ধোনী শীৰ্ষত আছে। তেওঁ ২৫৬খন খেল খেলিছে। দ্বিতীয় স্থানত আছে ৰোহিত। তেওঁ ২৫০ সংখ্যক মেচ খেলিছে। দীনেশ কাৰ্তিক আই পি এলত ২৪৯খন খেল খেলিছে। বিৰাটে ২৪৪খন খেল খেলিছে।