আই পি এলৰ ছিজন অব্যাহত আছে ৷ ইয়াৰ মাজতে কমলা ৰঙৰ টুপী আৰু বেঙুনীয়া ৰঙৰ টুপীৰ দৌৰ যথেষ্ট কেন্দ্ৰীভূত হৈ পৰিছে। শীৰ্ষ স্থানৰ বাবে যুঁজ দিছে কেইবাগৰাকীও ক্ৰিকেটাৰে। কমলা ৰঙৰ টুপীৰ দৌৰত বিৰাট কোহলীক প্ৰত্যাহ্বান জনাবলৈ আৰম্ভ কৰিছে ঋষভ পণ্টে। বেঙুনীয়া ৰঙৰ টুপিৰ বাবেও বলাৰৰ মাজত যুঁজ আৰম্ভ হৈছে ৷
আই পি এলত সৰ্বাধিক ৰান সংগ্ৰহকাৰীক কমলা ৰঙৰ কেপ আৰু সৰ্বাধিক উইকেট লোৱাজনক বেঙুনীয়া ৰঙৰ টুপী দিয়া হয়। বৰ্তমান কোহলীয়ে ২০৩ ৰান সংগ্ৰহ কৰি শীৰ্ষত আছে। তেওঁৰ দুটা অর্ধশতক আছে ৷ তেওঁৰ পিছতে ক্ৰমে ৰিয়ান পৰাগ আৰু হাইনৰিখ ক্লাচেন। চতুৰ্থ স্থানত আছে পন্ট। যদিও প্ৰথম দুখন মেচত ৰান নাপালে, চেন্নাই আৰু কলকাতাৰ মেচত তেওঁ অর্ধশতক অৰ্জন কৰে। বুধবাৰে কলকাতাৰ বিৰুদ্ধে ২৫টা বলত ৫৫ ৰান সংগ্ৰহ কৰে। দলটো জয় কৰিব নোৱাৰিলেও পণ্ট ব্যক্তিগত বঁটাৰ বাবে নিজকে যুঁজত ৰাখিবলৈ সক্ষম হৈছে ৷
কমলা ৰঙৰ টুপীটোৰ দৰেই বেঙুনীয়া ৰঙৰ টুপীৰ যুদ্ধও আৰম্ভ হৈছে। মুস্তাফিজুৰ ৰহমানে ৩খন মেচত ৭টা উইকেটৰে শীৰ্ষস্থান দখল কৰিছে। কিন্তু ভিছাৰ বাবে দেশলৈ উভতি অহাৰ বাবে তেওঁ পৰৱৰ্তী দুখন মেচক লৈ অনিশ্চিত হৈ পৰিছে। ফলত যিকোনো বলাৰেই মুস্তাফিজুৰক উফৰাই পেলাব পাৰে। ইয়াৰ ভিতৰত মায়ংক যাদৱ, যুজবেন্দ্ৰ চাহাল, মোহিত শৰ্মা আৰু খলিল আহমেদ। চাৰিওজনে লৈছে ৬টাকৈ উইকেট।