ইংলেণ্ডৰ মাটিত এদিনীয়া ক্ৰিকেটত ৬ উইকেট লোৱা প্ৰথম ভাৰতীয় হিচাপে পৰিগণিত হ‘ল ভাৰতীয় বলাৰ বুমৰাহ ৷ ইংলেণ্ডৰ মাটিত অনুষ্ঠিত হোৱা এদিনীয়া খেলখনত ইংলেণ্ডৰ বলাৰসকলে ভাৰতৰ বেটছমেনসকলৰ ওপৰত তেনে কোনো ধৰণৰ চাপ সৃষ্টি কৰিব নোৱাৰিলে যিধৰণৰ চাপ ইংলেণ্ডৰ বেটছমেনৰ ওপৰত সৃষ্টি কৰিলে ভাৰতীয় বলাৰসকলে।
খেলখনত ইংলেণ্ডক ১১০ কৰাণত অলআউট ৰাৰ পিছত ভাৰতৰ জয়ক লৈ অৱশ্যেই কোনো সন্দেহ নাছিল ক্ৰীকেটপ্ৰেমী সকলৰ। মাত্ৰ এটাই প্ৰশ্ন আছিল যে,কিমান অভাৰত লক্ষ্যত উপনীত হ’ব ভাৰতীয় দলটো।
এদিনীয়া খেলখনত ভাৰতৰ অধিনায়ক ৰোহিত শৰ্মা আৰু দীৰ্ঘদিনৰ পিছত প্ৰত্যাৱৰ্তন কৰা শিখৰ ধৱনে কিছু সাৱধানেৰে অথচ লক্ষ্য স্থিৰ কৰি উইকেটৰ মুভমেণ্ট আৰু বাউন্সৰ সৈতে মিলাই স্বাভাৱিকভাৱে ইনিংছটো আৰম্ভ কৰে । অৱশ্যে ভাৰতৰ বাবে এই ৰাণ অতিক্ৰম কৰাটো বেটিং প্ৰেকটিচৰ দৰেই আছিল। খেলখনত এনে ধাৰণা কৰা হৈছিল যে কোনো উইকেট নেহেৰুৱাকৈ ১০ উইকেটতে জয়লাভ কৰিব বিচাৰিছে ভাৰতে।
টি টুৱেণ্টি ছিৰিজ জয়ৰ পিছত এইবাৰ এদিনীয়া ছিৰিজ জয়ৰ লক্ষ্য ভাৰতৰ। বাকী দুখন মেচো এইদৰে জয়ী হোৱাটো বিচাৰিছে ভাৰতে। প্ৰথমখন মেচত টছত জিকি বলিং কৰাৰ সিদ্ধান্ত লৈ ভুল কৰা নাছিল ৰোহিত শৰ্মাই, সেই কথা স্পষ্ট হৈছিল খেলৰ আৰম্ভণিতে। মঙলবাৰে অভেলত আৰম্ভণিৰে পৰা যশপ্ৰীত বুমৰাহ আৰু মহম্মদ ছামিৰ গতি আৰু ছুইঙে শলঠেকত পেলালে ইংলেণ্ডৰ বেটছমেনক।
ইয়াৰ পূৰ্বে ২০০১ চনত মানচেষ্টাৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া ক্ৰিকেটত ৮৬ ৰানত অলআউট হৈছিল ইংলেণ্ড। সেয়াই আছিল তেওঁলোকৰ সৰ্বনিম্ন স্ক’ৰ। এইবাৰ ভাৰতৰ সৈতেও ইংলেণ্ডে সৰ্বনিম্ন স্ক’ৰৰ লজ্জাজনক অভিলেখ সৃষ্টি কৰিব বুলিয়ে ধাৰণা কৰা হৈছিল। উল্লেখ্য যে ভাৰতীয় বলাৰ বুমৰাহে প্ৰথমৰে পৰাই স্তব্ধ কৰে জেছন ৰয়, জনী বেয়াৰষ্টোক।