মল্লযুঁজক লৈ চলি থকা বিতর্কৰ মাজতে ইণ্ডিয়ান বক্সিং এছ’চিয়েশ্যনে এছিয়ান গেমছৰ বাবে ১৩ জনীয়া বক্সিং দল ঘোষণা কৰে। এই তালিকাত আছে ৭ গৰাকী পুৰুষ আৰু ৬ গৰাকী মহিলা বক্সাৰ। পুৰুষৰ দলত শিৱ থাপা আৰু মহিলা দলত লাভলীনা বৰগোঁহাই, নিখাত জাৰিনৰ দৰে বক্সাৰ আছে। চীনৰ হাংঝুত ২৩ ছেপ্টেম্বৰৰ পৰা ৮ অক্টোবৰলৈ অনুষ্ঠিত হ’ব এছিয়ান গেমছ।
এছিয়ান গেমছত ছবাৰ পদক বিজয়ী শিৱই ৬৩.৫ কেজি শাখাত প্ৰতিদ্বন্দ্বিতা কৰিব। এছিয়ান গেমছত ৬টা পদকৰ উপৰিও তেওঁ বিশ্ব চেম্পিয়নশ্বিপতো ব্ৰঞ্জৰ পদক লাভ কৰে। টকিঅ’ অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী লভলিনা আৰু দুবাৰৰ বিশ্ব চেম্পিয়ন তথা কমনৱেলথ গেমছৰ স্বৰ্ণ পদক বিজয়ী নিখাতৰ ওপৰতো ভৰসা কৰিছে ভাৰতে। লাভলিনাই ৭৫ কেজি শাখাত খেলিব। নিখাটে ৫০ কেজি শাখাত খেলিব।
ইণ্ডিয়ান বক্সিং এছ’চিয়েশ্যনৰ সভাপতি অজয় সিঙে কয়, ‘আমি এটা অতি শক্তিশালী দল পঠিয়াইছো। কেইবাদিনো ধৰি তেওঁলোকে প্ৰস্তুতি চলাইছে। এছিয়ান গেমছত তেওঁলোকৰ সফলতাক লৈ মোৰ কোনো সন্দেহ নাই। ভাৰতীয় বক্সাৰসকলে যোৱা কেইবছৰমানৰ পৰা বিশ্ব পৰ্যায়ত আধিপত্য প্ৰদৰ্শন কৰিছে। আমি সেইটো অলিম্পিকৰ পৰা কমনৱেলথ গেমছলৈকে দেখিছো। এইবাৰ আমি এছিয়ান গেমছতো শক্তি দেখুৱাম।
এছিয়ান গেমছত ভাৰতীয় দল—
পুৰুষৰ দল : দীপক ভোৰিয়া (৫১ কেজি), শচীন (৫৯ কেজি), শিৱ থাপা (৬৩.৫ কেজি), নিশান্ত দেৱ (৭১ কেজি), লক্ষ্য চহৰ (৮০ কেজি), সঞ্জিত কুমাৰ (৯২ কেজি), নৰেন্দ্ৰ বেৰৱাল (৯২ অভাৰ কেজি)। ).
মহিলা দল : নিখাত জাৰীণ (৫০ কেজি), প্ৰীতি (৫৪ কেজি), পাৰবীন (৫৭ কেজি), জেচমিন লম্বোৰিয়া (৬০ কেজি), অৰুন্ধতী চৌধুৰী (৬৬ কেজি), লাভলীনা বৰগোঁহাই (৭৫ কেজি)।