গুৱাহাটীত পুনৰ অনুষ্ঠিত হ’ব আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচ । অহা ২৮ নৱেম্বৰত গুৱাহাটীত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত টী-২০ মেচ অনুষ্ঠিত হ’ব বুলি বিচিচিআইয়ে সদৰী কৰিছে । ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’বলগীয়া হাই ভল্টেজ মেচৰ বাবে আজি পুৱা ৯ বজাৰ পৰা অনলাইন যোগে টিকট বিক্ৰীৰ বাবে মুকলি কৰি দিয়া হৈছে ৷ এইবাৰৰ খেলখনৰ বাবে টিকটৰ মূল্য সৰ্বাধিক ৪০০০ টকা নির্ধাৰণ কৰা হৈছে ৷ ছাত্ৰ ছাত্ৰীৰ বাবে সৰ্বনিম্ন ৫০০ টকা ধাৰ্য্য কৰিছে অসম ক্ৰিকেট সন্থাই।
অসম ক্ৰিকেট সন্থাই সদৰী কৰা অনুসৰি টিকটৰ মূল্য হ’ব ক্ৰমে ৫০০, ৭৫০, ১৫০০, ২০০০, ৩০০০ আৰু ৪০০০ টকা ৷ উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে গুৱাহাটীত বৰষুণৰ বাবে প্ৰত্যাহাৰ হৈছিল বিশ্বকাপৰ ৱাৰ্ম আপ মেচ৷ ইয়াৰ টিকটৰ ধন অসম ক্ৰিকেট সন্থাই ঘূৰাই দিছিল ৷ খেলখনৰ টিকটসমূহ উপলব্ধ হৈছে www.bookmyshow.com ত ।
ইপিনে, আগন্তুক টী-২০ চিৰিজতে ভাগ্য মুকলি হ’ব পাৰে অসম সন্তান ৰিয়ান পৰাগৰ ৷ শেহতীয়াকৈ চৈয়দ মুস্তাক আলী ট্ৰফীত দেখুওৱা প্ৰদর্শনৰ বাবে ৰিয়ানক ট-২০ ৰাষ্ট্ৰীয় দলত অন্তভূর্ক্ত কৰিব পাৰে ৷ বিশে্কৈ বিশ্বকাপৰ পাছতে বহুকেইজন আগশাৰীৰ ক্ৰিকেটাৰে কিছুদিনৰ বাবে জিৰণি লোৱাৰ সম্ভাৱনা আছে ৷ সেয়েহে উদীয়মান ক্ৰিকেটাৰ হিচাপে ৰিয়ান পৰাগৰ অন্তুভুর্ক্তিৰ বিষয়ে ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশ পাইছে ৷
চলিত এদিনীয়া বিশ্বকাপৰ পাছত চলিত মাহৰ শেষৰ ফালে আৰম্ভ হ’বলগীয়া পাঁচখন খেলৰ টি-২০ শৃংখলাত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতীয় দল মুখামুখি হ’ব। ভাৰতীয় দলৰ বাবে এই শৃংখলাৰ গুৰুত্ব যথেষ্ট ৷ কিয়নো ইয়াৰ জৰিয়তে অহা বছৰ কেৰিবিয়ান আৰু আমেৰিকাত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপৰ বাবে প্ৰস্তুতি চলোৱাৰ এক সোণালী সুযোগ লাভ কৰিব।
বিশ্বকাপ সমাপ্ত হোৱাৰ চাৰিদিন পিছত ২৩ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব টি-২০ শৃংখলা ৷ ভাৰতে তেওঁলোকৰ কেইবাগৰাকীও প্ৰথম পছন্দৰ খেলুৱৈ- বিৰাট কোহলী, ৰোহিত শৰ্মা, কে এল ৰাহুল, শুভমন গিল, মহম্মদ চিৰাজ, কুলদীপ যাদৱ আৰু মহম্মদ ছামীক জিৰণি দিয়াৰ সম্ভাৱনা আছে ৷