আইপিএলৰ মাজতে ভাৰত আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত হ’ব তিনিখন টি-২০ মেচ ৷ এই ছিৰিজৰ বাবে ঘোষণা কৰা হৈছে ১৫ জনীয়া ভাৰতীয় দল। নেতৃত্ব দিব সোমজিৎ সিঙে।
ভাৰত আৰু বাংলাদেশৰ মাজত ২০ অভাৰৰ তিনিওখন মেচ কলকাতাত অনুষ্ঠিত হ’ব। অৱশ্যে এই ছিৰিজত খেলিব নোৱাৰিব বিৰাট কোহলী, ৰোহিত শৰ্মাই। বাংলাদেশৰ ছাকিব আল হাছানে খেলিব নোৱাৰিব। এই ছিৰিজ হ’ব হুইলচেয়াৰ ক্ৰিকেট। তিনিওখন মেচ কলকাতাত অনুষ্ঠিত হ’ব। অহা ৭ মে’ৰ পৰা ৯ মে’লৈ অনুষ্ঠিত হ’ব এই খেলসমূহ।
১৫ জনীয়া ভাৰতীয় দলটোক ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত প্ৰদৰ্শন কৰা প্ৰদৰ্শনৰ ভিত্তিত নিৰ্বাচিত কৰা হৈছে। ভাৰতীয় হুইলচেয়াৰ ক্ৰিকেট সন্থাৰ উদ্যোগত এই ছিৰিজ অনুষ্ঠিত হ’ব । এই সংস্থাটো ভাৰতীয় দিব্যাংগ ক্ৰিকেট পৰিষদৰ অন্তৰ্গত। ডিচিচিআই পুনৰ ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ স্বীকৃতিপ্ৰাপ্ত সংস্থা।
ডিচিচিআইৰ সম্পাদক ৰবি চৌহানে কয় যে এই ধাৰাবাহিকখনে হুইলচেয়াৰ ক্ৰিকেটাৰসকলক উৎসাহিত কৰিব। আমাৰ দেশত হুইল চেয়াৰ ক্ৰিকেটেও বহুত আগবাঢ়িব।
ঘোষিত ভাৰতীয় দল : সোমজিৎ সিং (অধিনায়ক), সন্দীপ কুণ্ডু, সাগৰ গৌড়া, কবীৰ সিং বীৰ সন্ধু (উইকেটকীপাৰ), চাহিল দায়দ, আৰ সন্তোষ, শৈলেশ যাদৱ, উমেশ কৌশিক, জয়ন অল্ট, অজয় যাদৱ, সুখৱন্ত সিং, ৰাজা বাবু, প্ৰশান্ত সিং আৰু সুনীল ৰাও।