হাতত টি-২০ বিশ্বকাপ ট্ৰফীলৈ বৃহস্পতিবাৰে পুৱাই স্বদেশত উপস্থিত হ’ল টীম ইণ্ডিয়া। এয়াৰ ইণ্ডিয়াৰ বিশেষ বিমানৰে আজি পুৱা দিল্লী বিমান বন্দৰত উপস্থিত হয় বিশ্বকাপজয়ী ভাৰতীয় ক্ৰিকেট দলটো ।
বিমান বন্দৰত টীম ইণ্ডিয়াৰ খেলুৱৈসকলক উষ্ম আদৰণি জনাই পোনে পোনে হোটেললৈ নিয়া হয়। তাত কিছু সময় বিশ্ৰাম কৰি ১১-০০ বজাত তেঁওলোক উপস্থিত হয় প্ৰধানমন্ত্ৰীৰ বাসগৃহত ৷ প্ৰধানমন্ত্ৰীৰ নতুন দিল্লীস্থিত বাসগৃহত নৰেন্দ্ৰ মোদীয়ে দলটোক সম্বর্ধনা জনোৱাৰ লগতে আপ্যায়ন কৰিব ৷
ইয়াৰ পাছতে দিনৰ ২-০০ বজাত দিল্লীৰ পৰা উৰা মাৰিব মুম্বাই অভিমুখে। বিয়লি ৪-০০ বজাত মুম্বাইত অৱতৰণ কৰাৰ পাছতে হোটেললৈ আদৰি নিয়া হ’ব খেলুৱৈসকলক। হোটেলত কিছু সময় বিশ্ৰাম কৰি তেওঁলোক সাজু হ’ব বিশ্বকাপ জয়ৰ মূল অনুষ্ঠানৰ বাবে।
উল্লেখযোগ্য যে বি চি চি আয়ে মুম্বাইত আয়োজন কৰিছে বিশ্বকাপ জয়ৰ কেতবোৰ কাৰ্যসূচী। এই কাৰ্যসূচী অনুসৰি সন্ধিয়া ৫-০০ বজাত নাৰিমনৰ পৰা খোলা বাছেৰে ৱাংখাড়ে ষ্টেডিয়ামলৈ ২ কিলো মিটাৰজোৰা বিজয়যাত্ৰাত ভাগ ল’ব টীম ইণ্ডিয়াই । বিজয় যাত্ৰাত ৰোহিত বাহিনীক আদৰিবলৈ সাজু হৈছে অগণন জনতা।
এই কাৰ্যসূচী পাছতে ৱাংখাড়ে ষ্টেডিয়ামত সম্বর্ধনা জনোৱাৰ লগতে বি চি চি আই কৰ্তৃপক্ষই টীম ইণ্ডিয়াৰ হাতত অৰ্পণ কৰিব ১২৫ কোটি টকাৰ আৰ্থিক পুৰস্কাৰ। আনহাতে একেটা অনুষ্ঠানতে ৰোহিত শৰ্মাই সন্ধিয়া সাত বজাত ব’ৰ্ডৰ সচিব জয় শ্বাহৰ হাতত তুলি দিব বিশ্বকাপৰ ট্ৰফী। বিশ্বকাপ জয়ৰ মূল কাৰ্যসূচীৰ অন্ত পৰাৰ পাছতে খেলুৱৈসকল নিজ নিজ বাসগৃহলৈ ৰাওনা হ’ব ৷