ভাৰত আৰু পাকিস্তানৰ দ্বিপাক্ষিক শৃংখলা পুনৰ অনুষ্ঠিত হ’ব পাৰে ৷ পাকিস্তান ক্ৰিকেট ব’ৰ্ডে এনে প্ৰস্তাৱ দিব পাৰে। ২০১২ চনৰ পিছত এই দুয়োখন দেশে দ্বিপাক্ষিক শৃংখলা খেলা নাই। কিন্তু এইবাৰ পিচিবিয়ে ইণ্ডিয়ান ক্ৰিকেট ব’ৰ্ডক প্ৰস্তাৱ দিব পাৰে দ্বিপাক্ষিক শৃংখলা খেলাৰ। পাকিস্তান ক্ৰিকেট ব’ৰ্ডে অহা বছৰ বিদেশৰ খেলপথাৰত টি-২০ শৃংখলাৰ আয়োজন কৰিব বিচাৰিছে।
পিচিবিৰ অধ্যক্ষ মহছিন নাকভিয়ে ভাৰতক নিমন্ত্ৰণ কৰিব পাৰে। পিচিবিৰ সূত্ৰ অনুসৰি নাকভিয়ে ভাৰতক বিদেশৰ মাটিত টি-২০ ছিৰিজ খেলাৰ প্ৰস্তাৱ দিব বিচাৰিছে। শ্ৰীলংকাত অনুষ্ঠিত হ’বলগীয়া আইচিচিৰ বৈঠকত তেওঁ ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ সম্পাদক জয় শ্বাহক এই প্ৰস্তাৱ দিব পাৰে।
আইচিচিৰ বৈঠকত চেম্পিয়নছ ট্ৰফী সন্দৰ্ভতো আলোচনা কৰা হ’ব। অহা বছৰ পাকিস্তানত অনুষ্ঠিত হ’ব চেম্পিয়নছ ট্ৰফী। কিন্তু ভাৰত পাকিস্তানলৈ গৈ খেলিবলৈ ইচ্ছুক নহয়। সেয়েহে পাকিস্তানৰ পৰা চেম্পিয়নছ ট্ৰফী আঁতৰোৱা হ’ব পাৰে বুলি অনুমান কৰা হৈছে । কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় দলক পাকিস্তানত গৈ খেলিবলৈ অনুমতি নিদিয়ে। যোৱা বছৰ এছিয়া কাপত পাকিস্তানত খেলিবলৈ যোৱা নাছিল ভাৰত। শ্ৰীলংকাত অনুষ্ঠিত হৈছিল এই মেচ ৷
পাকিস্তানে অৱশ্যে তেওঁলোকৰ দেশতে ভাৰতে চেম্পিয়নছ ট্ৰফী খেলাটো বিচাৰে। পিচিবিয়ে লাহোৰত ভাৰতীয় দলৰ সকলো খেল আয়োজন কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। তাতো পিচিবিয়ে সকলো ধৰণৰ নিৰাপত্তাৰ ব্যৱস্থা কৰিব। লগতে লাহোৰ ষ্টেডিয়ামৰ সমীপতে এখন বিলাসী হোটেল নিৰ্মাণ কৰিব। ইয়াৰ বাবে তেওঁলোকে মাটি ক্ৰয় কৰিছে । সেই হোটেলত ভাৰতীয় ক্ৰিকেটাৰসকলক থাকিবলৈ দিয়া হ’ব। যাতে ভাৰতীয় দল খেলপথাৰৰ পৰা বহু দূৰলৈ যাব নালাগে। কিন্তু এই সকলোবোৰ ব্যৱস্থাৰ পিছত ভাৰতে পাকিস্তানত গৈ খেলিব নে নাই তাত সন্দেহৰ সৃষ্টি হৈছে। যদিও বাবৰ আজম ভাৰতলৈ আহি এদিনীয়া বিশ্বকাপ খেলিছিল।