আইচিচি এদিনীয়া দলৰ ৰেংকিঙত তৃতীয় স্থান অক্ষুন্ন ৰাখিবলৈ সক্ষম হৈছে ভাৰতীয় ক্ৰিকেট দলে ৷ মঙলবাৰে প্ৰকাশ পোৱা আইচিচিৰ শেহতীয়া এদিনীয়া দলৰ ৰেংকিঙত ভাৰতৰ স্থান অক্ষুন্ন থাকে ৷ জিম্বাবুৱেৰ বিৰুদ্ধে লাভ কৰা জয়ে ভাৰতক তৃতীয় স্থান বজাই ৰখাত সহায় কৰিছে । হাৰাৰেত ৩-০ ছিৰিজত জয়লাভ কৰাৰ পিছতে বর্তমান ভাৰতৰ ৰেটিং পইণ্ট হৈছে ১১১ ৷
পাকিস্তানেও শেহতীয়াকৈ নেদাৰলেণ্ডৰ বিৰুদ্ধে জয়লাভ কৰি পইণ্টৰ সংখ্য বৃদ্ধি কৰিবলৈ সক্ষম হৈছে ৷ । বাবৰ আজম নেতৃত্বাধীন দলটোৱে ক্ৰিকেট বিশ্বকাপ ছুপাৰ লীগ শৃংখলাত কঠিন যুঁজেৰে জয়লাভ কৰি ১০৭ ৰেটিং পইণ্ট অর্জন কৰিছে ৷ ইয়াৰ লগে লগে আইচিচিৰ চতুর্থ এদিনীয়া দল হিচাপে পাকিস্তানে স্থান দখল কৰে।
ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ছিৰিজ জয়ৰ পিছত নিউজিলেণ্ডে ১২৪ ৰেটিং পইণ্টেৰে তালিকাৰ শীৰ্ষত স্থান দখল কৰিছে ৷ আনহাতে ইংলেণ্ড ১১৯ ৰেটিং পইণ্টেৰে দ্বিতীয় স্থানত আছে। ভাৰতে এদিনীয়া ৰেংকিঙত আৰু অধিক স্থান উন্নীত কৰাৰ সুযোগ লাভ কৰিব ৷ অহা ৬ অক্টোবৰৰ পৰা দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিবলগীয়া তিনিখন এদিনীয়া খেলত উন্নত প্ৰদর্শনেৰে ভাৰতীয় দলটোৱে নিজৰ স্থান উন্নত কৰিব পাৰিব ৷
আনহাতে অষ্ট্ৰেলিয়াই (১০১ ৰেংকিং পইণ্ট) পাকিস্তানক অতিক্ৰম কৰিব পাৰে যদিহে জিম্বাবুৱে আৰু নিউজিলেণ্ডৰ বিৰুদ্ধে খেলিবলগীয়া ঘৰুৱা শৃংখলাত ভাল প্ৰদৰ্শন কৰে।