ভাৰতীয় ক্ৰিকেটৰ উন্নতিৰ বাবে ভাৰতৰ তাৰকা খেলুৱৈসকলক বিদেশী টি-২০ লীগত অংশগ্ৰহণ কৰিবলৈ অনুমতি দিবলৈ আহ্বান জনাইছে শ্ৰীলংকাৰ প্ৰাক্তন অধিনায়ক অৰবিন্দ ডি চিলভাই । লক্ষণীয়ভাৱে, বিচিচিআই হৈছে বিশ্বৰ একমাত্ৰ ক্ৰিকেট ব’ৰ্ড যিয়ে ইয়াৰ পুৰুষ ক্ৰিকেটাৰসকলক বিদেশী টি-২০ লীগত অংশগ্ৰহণ কৰিবলৈ অনুমতি নিদিয়ে।
এই সন্দৰ্ভত বিচিচিআইয়ে কৈছে যে “এক্সক্লুচিভিটি হৈছে মূল চাবিকাঠি”। বোৰ্ডে বিশ্বাস কৰে যে চুক্তিবিহীন খেলুৱৈসকলে আই পি এল নিলামত ভাল মূল্য ৰখাত সক্ষম হয় কিয়নো তেওঁলোকৰ এক বিশেষত্ব আছে যে তেওঁলোকে আন টি-২০ লীগত নেখেলে ।
অৰবিন্দই কয় যে ভাৰতে সৰু সৰু ৰাষ্ট্ৰসমূহক খেলৰ বিকাশ, বিশ্বব্যাপী খেলৰ মানদণ্ড বৃদ্ধি আৰু দক্ষতাৰ স্তৰ উন্নত কৰাৰ বাবে সক্ষম কৰিব লাগে যি টোৱে অৱশেষত আই পি এলক লাভান্বিত কৰিব।
অৰবিন্দই লগতে কয়, “যদি আপোনাৰ এখন আধিপত্য থকা দেশ আছে তেন্তে আপুনি আই পি এলৰ যোগেদি মন কৰিব পাৰে যে তেওঁলোকে মূলতঃ প্ৰিমিয়াৰ লীগৰ ওপৰত একচেটিয়া ভাৱে চলে কিয়নো ভাৰতীয় ক্ৰিকেটাৰসকলক আন লীগত খেলিবলৈ অনুমতি দিয়া নহয়,”
“গতিকে যদি ভাৰতে আন দেশ সমূহক সহযোগ নকৰে আৰু খেলৰ মানদণ্ড হ্ৰাস হৈ থাকে আৰু যদি কোনো প্ৰকৃত প্ৰতিযোগিতা নহয় – কোনো সময়ত ই বিশ্বব্যাপী খেলক প্ৰভাৱিত কৰিব।
উল্লেখযোগ্য যে ,শ্ৰীলংকাৰ খেলুৱৈসকলে ব্যক্তিগতভাৱে আই পি এলৰ পৰা পুৰস্কাৰ লাভ কৰিছে। লেগ স্পিনাৰ ৱানিন্দু হাচাৰাঙ্গাক ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে ১.৪২ নিযুত ডলাৰত ক্ৰয় কৰিছিল আৰু এই বছৰৰ ১০ টা দলৰ টুৰ্ণামেণ্টত তেওঁ দ্বিতীয় সৰ্বাধিক উইকেট সংগ্ৰহকাৰী আছিল।