ভাৰতে ছুপাৰ এইট ৰাউণ্ডত জয়লাভ কৰি টি-২০ বিশ্বকাপৰ আৰম্ভণি কৰে। বৃহস্পতিবাৰে আফগানিস্তানক ৪৭ ৰানত পৰাস্ত কৰে ৰোহিত শৰ্মাৰ দলে। প্ৰথমে বেটিং কৰি ভাৰতে ৮ উইকেটত ১৮১ ৰান সংগ্ৰহ কৰে। আফগানিস্তানৰ ইনিংছ ২০ অভাৰত ১৩৪ ৰানেৰে সমাপ্ত হয়।
ভাৰতীয় দলৰ অধিনায়কে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। অৱশ্যে ভাৰতৰ ইনিংছৰ আৰম্ভণি ভাল নহ’ল। ফজল হক ফাৰুকীয়ে ৮ ৰানত আউট কৰে ৰোহিতক। দ্বিতীয় উইকেটৰ অংশীদাৰিত্বৰ বাবে বিৰাট কোহলী আৰু ঋষভ পণ্টে কিছু প্ৰচেষ্টা চলাইছিল। ৰছিদ খানে একেৰাহে দুজন বেটছমেনক আউট কৰি ভাৰতক হেঁচাত পেলাইছিল। কোহলীয়ে ২৪টা বলত ২৪ ৰান সংগ্ৰহ কৰে। তেওঁৰ ফৰ্মক লৈ ভাৰতীয় শিবিৰত উদ্বেগৰ সৃষ্টি হৈছে ৷ পণ্টে ১১টা বলত ২০ ৰান সংগ্ৰহ কৰে । শিৱম ডুবে (১০) দলটোক আত্মবিশ্বাস দিব নোৱাৰিলে। আফগান অধিনায়কে তেওঁক আউট কৰে। । ৯০ ৰানত ৪ উইকেট হেৰুৱাই ভাৰত কিছু হেঁচাত পৰে ৷
ইয়াৰ পিছতে অগ্ৰগতি লাভ কৰে সূৰ্যকুমাৰ যাদৱ আৰু হাৰ্দিক পাণ্ডিয়াই। পঞ্চম উইকেটৰ বাবে তেওঁলোকৰ ৬০ ৰানে ভাৰতীয় শিবিৰৰ উদ্বেগ লাঘৱ কৰে। সূৰ্যকুমাৰে ২৮টা বলত ৫৩ ৰানৰ ইনিংছ খেলিছিল। ২৪টা বলত হাৰ্ডিকে ৩২ ৰান সংগ্ৰহ কৰে। ব্যৰ্থ হয় ৰবীন্দ্ৰ জাডেজা (৭)। শেষৰ ফালে অক্ষৰ পেটেলে অলপ আক্ৰমণাত্মকভাৱে বেটিং কৰে। তেওঁ ৬টা বলত ১২ ৰান সংগ্ৰহ কৰে। ২ ৰানত অপৰাজিত হৈ থাকে আর্শদীপ সিং।
আফগানিস্তানৰ সফল বলাৰ ৰছিদে ২৬ ৰানত ৩টা উইকেট দখল কৰে। ফাৰুকিয়ে ৩৩ ৰানত ৩ উইকেট দখল কৰে। নবীন উল হকে ৪০ ৰানত ১ উইকেট দখল কৰে। ভাৰতৰ সফল বলাৰ বুমৰাহে ৭ ৰানত ৩টা উইকেট দখল কৰে। ৩৬ ৰানত ৩ উইকেট লয় আর্শদ্বীপে। কুলদীপে লয় ৩২ ৰানত ২ উইকেট। হাৰ্দিকে ২০ ৰানত ১ উইকেট দখল কৰে।